Vineet Bagaria suicide case : গোচৰৰ অভিযুক্ত বৈদুল্লা খানৰ বাসগৃহত উচ্ছেদ

By

Published : Jul 12, 2022, 3:27 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ লগত জড়িত বৈদুল্লা খানৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড'জাৰ (Eviction at Baidullah Khan residence)। প্ৰশাসনে ভাঙি পেলালে বৈদুল্লাৰ দুমহলীয়া অট্টালিকা । ডিব্ৰুগড়ৰ লাহোৱালৰ  ঘোঁৰামৰাত আছিল বাসগৃহটো । ঘৰটোৰ নিৰ্মাণ কাৰ্য অবৈধ আছিল বুলি জানিবলৈ দিছে প্ৰশাসনে । আনহাতে ঘৰটোৰ পৰাই বৈদুল্লা খানে বহু অপকৰ্ম চলাই গৈছিল বুলিও অভিযোগ উত্থাপন হৈছে । আৰক্ষী তথা প্ৰশাসনৰ এই পদক্ষেপক আদৰণি স্থানীয় ৰাইজৰ । উল্লেখ্য যে বৈদুল্লা খানৰ লগতে আন কেইবাজনো ব্যক্তিৰ পৰা বহুদিন ধৰি মৃত্যুৰ ভাবুকি লাভ কৰাৰ পাছত যোৱা ৭ জুলাইত বিনীত বাগাৰীয়াই আত্মহত্যা কৰিছিল (Vineet Bagaria Suicide Case)। মৃত্যুৰ পূৰ্বে বিনীতে কৰা ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । আনকি মুখ্যমন্ত্ৰীও বিনীতৰ বাসগৃহত উপস্থিত হৈছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে বৈদুল্লাকে ধৰি আন এজনক লামডিং আৰক্ষীয়ে আটক কৰিছিল ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.