Erosion of Brahmaputra: বৰলুইতৰ ভয়ংকৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ

By

Published : Mar 5, 2023, 11:49 AM IST

thumbnail

ডিব্ৰুগড়, 5 মাৰ্চ : ডিব্ৰুগড় চহৰৰ কাছাৰীঘাটত বৰলুইতৰ খহনীয়া । সুৰক্ষা বান্ধৰ প্ৰতি তীব্ৰ ভাবুকি মাতিছে লুইতৰ খহনীয়াই । হঠাতে সৃষ্টি হোৱা খহনীয়াই সুৰক্ষা বান্ধ ছিঙি নিলেই ডিব্ৰুগড় চহৰলৈ সোমাই আহিব পাৰে ব্ৰহ্মপুত্ৰৰ পানী । নিশা সৃষ্টি হোৱা গৰাখহনীয়াক লৈ স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে (Erosion in Dibrugarh) । 

উল্লেখযোগ্য যে, খৰালিতো ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াক লৈ চিন্তাত পৰিছে ডিব্ৰুগড়ৰ ৰাইজ । বৰলুইতৰ এই খহনীয়াই ভয়ংকৰ বিপদ মাতি আনিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । দুদিন পূৰ্বে কাছাৰীঘাটত হোৱা ভয়ংকৰ খহনীয়াত জাহ গৈছিল ৫০ মিটাৰ ভূমি । খহনীয়াই উটুৱাই নিলে জিঅ'বেগ (Erosion of Brahmaputra river in Dibrugarh) । 

ইতিমধ্যে শনিবাৰৰ নিশা মেগা জিঅ'বেগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰিবনে নাই সেই কথা এতিয়াও নিশ্চিত ৰূপত ক'ব পৰা হোৱা নাই । ইফালে এই স্থানতে কেন্দ্ৰীয় চৰকাৰৰ কোটি টকীয়া শিশু উদ্যানৰ নিৰ্মাণ কাৰ্যও চলি আছে‌ । উদ্যানৰ নিৰ্মাণ চলি থকাৰ মাজতে সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াই উদ্বিগ্ন কৰি তুলিছে ডিব্ৰুগড় চহৰবাসীক । 

লগতে পঢ়ক : AAMSU Indigenous criticizes Congress : কংগ্রেছক বিজেপিতকৈও অধিক সাম্প্রদায়িক দল আখ্যা আমছু খিলঞ্জীয়াৰ

নিশা খহনীয়াৰ প্ৰকোপত বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ঘটনাস্থলীত উপস্থিত হৈ নিশাই প্ৰতিৰোধ ব্যৱস্থাৰ বাবে তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হয় । লগতে ডিব্ৰুগড়ৰ ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে । নিশা হঠাতে হোৱা ভয়ংকৰ খহনীয়াৰ পাচতে ওৰে নিশা গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে শ্ৰমিকে কাম কৰা পৰিলক্ষিত হয় (Threat to Dibrugarh town) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.