Badruddin Ajmal controversy : আজমলক বৰ্জন কৰিবলৈ আহ্বান সত্ৰ মহাসভাৰ বিষয়ববীয়াৰ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 7:12 PM IST

thumbnail

তেজপুৰ, ৮ নৱেম্বৰ: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাত এআইইউডিএফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলক আমন্ত্ৰণ জনোৱাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সত্ৰ মহাসভাৰ বিষয়ববীয়া তথা বিশিষ্ট শিক্ষাবিদ ড৹ গহন চন্দ্ৰ মহন্তই  ৷ তেওঁ অসমীয়া জাতিৰ শত্ৰু বদৰুদ্দিন আজমলক অসমীয়াই বৰ্জন কৰিব লাগে বুলি মন্তব্য় কৰে ।

এআইইউডিএফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । তেওঁ কয় যে বদৰুদ্দিন আজমলৰ দৰে উদ্ভট ধৰ্মীয় মন্তব্য কৰা ব্যক্তিক বৰ্জন কৰিব লাগে । কাৰণ কেইদিনমান আগতে এইজন আজমলে কৈছিল যে মিঞা নাথাকিলে গুৱাহাটী কবৰস্থানত পৰিণত হ'ব । এই সন্দৰ্ভত সত্ৰ মহাসভাৰ বিষয়ববীয়া তথা বিশিষ্ট শিক্ষাবিদ ড৹ গহন চন্দ্ৰ মহন্তই কয় যে অসমত মিঞা নাথাকিব পাৰে, কিন্ত অসমীয়া থাকিবই । আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব বুলি তেওঁ কয় । আনহাতে, কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা বাবে চৰকাৰক ধন্যবাদ জনাইছে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ৷

লগতে পঢ়ক:CITU protest in Assam: শ্ৰমিকৰ ন্য়ূনতম মজুৰি ঘোষণাৰ দাবীত ৰাজ্যজুৰি চি আই টি ইউৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.