ETV Bharat / state

CITU protest in Assam: শ্ৰমিকৰ ন্য়ূনতম মজুৰি ঘোষণাৰ দাবীত ৰাজ্যজুৰি চি আই টি ইউৰ বিক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 5:02 PM IST

ন্য়ূনতম মজুৰিৰ চৰকাৰী জাননী প্ৰকাশ নকৰিলে ২৬ নৱেম্বৰত শ্ৰমিক সংগঠনৰ ৰাজভৱন যাত্ৰা । উলুবাৰীস্থিত শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত শ-শ শ্ৰমিকে প্ৰদৰ্শন কৰিলে বিক্ষোভ ।

Minimum wages of workers
শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত বিক্ষোভ

শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত বিক্ষোভ

গুৱাহাটী, ৮ নৱেম্বৰ: সমগ্ৰ অসমৰ শ্ৰম কাৰ্যালয়ত বুধবাৰে চাহ শ্ৰমিকসহ সকলো শ্ৰমিকৰ ন্য়ূনতম মজুৰি ঘোষণাৰ দাবীত চি আই টি ইউয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । শ্ৰমিকৰ ন্য়ূনতম মজুৰি মাহিলী ২১ হাজাৰ টকা ধাৰ্য কৰা, অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধনকৰ্মীক মাননিৰ সলনি মজুৰি দিয়া, চাহ শ্ৰমিকক দৈনিক মজুৰি ৬৬১ টকা ধাৰ্য কৰা, নিৰ্মাণ আৰু মটৰ শ্ৰমিকসহ সকলো শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা আদি দাবীত শ্ৰমিকে বিক্ষোভ প্ৰদৰ্শন কৰে ।

এই কাৰ্যসূচীত নলবাৰী, বৰপেটা, বঙাইগাঁও, নগাঁও, হোজাই, শোণিতপুৰ, যোৰহাট, সোনাৰি, ডিব্ৰুগড়, তিনিচুকীয়া, কাচাৰ আদি জিলাৰ উপৰি গুৱাহাটীৰ উলুবাৰীস্থিত শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত শ-শ শ্ৰমিকে বিক্ষোভ প্ৰদাৰ্শন কৰে । পিচত প্ৰতিবাদকাৰীসকলে শ্ৰম আয়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । গুৱাহাটীৰ কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, উপ-সভাপতি বীৰেণ শৰ্মা, মহানগৰ জিলা সম্পাদক আলী আকবৰ, কামৰূপ জিলা সম্পাদক মজাফৰ আলী, মদন তালুকদাৰ আদি শ্ৰমিক নেতাসকলে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ।

বক্তাসকলে কয় যে অসমত আজি আঠ বছৰে শ্ৰমিকৰ বাবে শ্ৰম আইন অনুসৰি ন্য়ূনতম মজুৰিৰ চৰকাৰী জাননী প্ৰকাশ নকৰাত বে-চৰকাৰী খণ্ডৰ শ্ৰমিক-কৰ্মচাৰীসকল জীৱন নিৰ্বাহ মহাসংকটৰ সন্মুখীন হৈছে । অসমত প্ৰায় ১ কোটিতকৈও অধিক কৰ্মৰত শ্ৰমিকে প্ৰাপ্য মজুৰি আৰু সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত। অসমত ২৩ লাখ নিবনুৱা যুৱক-যুৱতী উপযুক্ত নিয়োগৰ পৰা বঞ্চিত । ফলত ৯৮ টা অনুসূচিভুক্ত প্ৰায় ১০ লাখ শ্ৰমিকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে । অতি সম্প্ৰতি ১২ লাখ চাহ বনুৱাৰ বাবে চৰকাৰে মাত্ৰ দৈনিক ১৮ টকা বৃদ্ধি কৰি চৰম প্ৰতাৰণাৰ নিদৰ্শন দাঙি ধৰিলে । ব্যক্তিগত মালিকানাধীন কাৰখানাবোৰত প্ৰচলিত শ্ৰম আইন প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাক নঙঠা কৰি দেখুৱালে চাহবাগানৰ বটলিফ কাৰখানাত মইনা নায়ক, ফনিধৰ কলিতা, সঞ্জয় তাতীকে ধৰি কেইবাজনৰ দূৰ্ঘটনাই ।

তেওঁলোকে পুনৰ কয় যে ব্যক্তিগত খণ্ডৰ একোখন নাৰ্ছিং হোমত ২০ ৰ পৰা ২৫ বছৰ ধৰি কৰ্মৰত শ্ৰমিকে মাত্ৰ ৮/১০ হেজাৰ মাহিলি মজুৰিৰ বিনিময়ত কাম কৰি থাকিবলৈ বাধ্য হৈ আছে । অসমৰ লাখ লাখ ঠিকা শ্ৰমিকৰ জীৱন গাথাঁ অতি দুৰ্বিসহ । সামান্য মুজৰি লৈ ১২ ঘন্টা কাম কৰোৱাটো এক নিয়মত পৰিণত হৈছে অসমত । ৰাজনৈতিক ছত্ৰছায়াত বৃহৎ ঠিকাদাৰ গোষ্ঠীয়ে নিৰ্মম শোষণ চলাই আছে । চৰমতম চৰকাৰী শোষণৰ বলি হৈ আছে চৰকাৰী আঁচনি ৰূপায়ণত নিয়োজিত অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, ৰন্ধন কৰ্মচাৰী আৰু আশা কৰ্মীসকল । তেওঁলোক সম্পূৰ্ণৰূপে মজুৰিৰ পৰা বঞ্চিত । সামান্য মাননিৰ বিনিময়ত কোনো সামাজিক সুৰক্ষা নোপোৱাকৈ অসমত ২ লাখ ৭১ হাজাৰ আঁচনিভুক্ত কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আছে ।

বেচৰকাৰী পৰিবহন খণ্ডত নিয়োজিত ট্ৰাক, বাছ, টেম্প', অট, ই-ৰিক্সাকে ধৰি লাখ লাখ গ্ৰাম্য টেক্সি, চিটি টেক্সিৰ চালকসকল একেদৰেই বঞ্চিত আইনসিদ্ধ সামাজিক সুৰক্ষামূলক আঁচনিৰ সুবিধাৰ পৰা । চি আই টি ইউকে ধৰি কেন্দ্ৰীয় ট্ৰেড ইউনিয়বোৰৰ ধাৰাবাহিক আন্দোলনৰ হেঁচাত যি সামান্য সামাজিক সুৰক্ষা অসমৰ ২০ লক্ষাধিক নিৰ্মাণ শ্ৰমিকৰ বাবে আদায় হৈছিল তাৰ পৰাও বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ । অন্যান্য শ্ৰম আইনৰ লগতে গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখনো সংশোধন কৰি প্ৰকৃত নিৰ্মাণ শ্ৰমিকসকলক আইনসিদ্ধ সুবিধাৰ পৰা বঞ্চিত কৰিব ওলাইছে । একেদৰে বঞ্চিত হৈ আছে অসমত বৰ্তমানে কৰ্মৰত বৃহৎ সংখ্যক মেডিকেল আৰু চেলচ ৰিপ্ৰেজেন্টেটিভ সকল । তেওঁলোকৰ বাবেও বিগত আঠ বছৰ ধৰি মজুৰি বৃদ্ধিৰ ব্যৱস্থা কৰা নাই ।

বক্তাসকলে কয় যে এই পটভূমিত চিআইটি ইউয়ে অসমৰ লক্ষ লক্ষ শ্ৰমিকক আইনগত প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা অসম চৰকাৰৰ একশ শতাংশই শ্ৰমিক বিৰোধী । উক্ত কাৰ্যসূচীৰ জৰিয়তে শ্ৰম আয়ুক্তক বিক্ষোভকাৰীসকলে অহা ২৫ নৱেম্বৰৰ ভিতৰত চৰকাৰে চাহ শ্ৰমিকসহ সকলো শ্ৰমিকৰ বাবে ন্য়ুৃূনতম মজুৰিৰ চৰকাৰী জাননী প্ৰকাশ নকৰিলে ২৬ নৱেম্বৰৰ দিনা সকলো শ্ৰমিক সংগঠনে ৰাজভৱন যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:No Electricity Area in Majuli : ডিজেল-মিঠাতেলৰ চাকিৰ পোহৰতে কটাইছে বিজেপিৰ অচ্ছে দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.