ETV Bharat / state

No Electricity Area in Majuli : ডিজেল-মিঠাতেলৰ চাকিৰ পোহৰতে কটাইছে বিজেপিৰ অচ্ছে দিন

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:05 PM IST

Updated : Nov 7, 2023, 10:46 PM IST

পুৰণি দিনৰ স্মৃতি বহন কৰিব পৰাকৈ চাকিৰ পোহৰতে দিন অতিবাহিত কৰাৰ এক পৰিৱেশ গঢ়ি দিছে বিজেপি চৰকাৰে ৷ উদাহণস্বৰপে মাজুলীৰ এটা অঞ্চলক আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ৷ দেশৰ নদন-বদন অৱস্থাত এই দৃশ্য কিয় দেখা গ’ল মাজুলীত ?

No Electricity Area Majuli
ডিজেল আৰু মিঠাতেলৰ চাকি পোহৰতে বিজেপিৰ অচ্ছে দিন কটাইছে মাজুলীৰ একাংশ লোকে

ডিজেল আৰু মিঠাতেলৰ চাকি পোহৰতে বিজেপিৰ অচ্ছে দিন কটাইছে মাজুলীৰ একাংশ লোকে

মাজুলী, 7 নৱেম্বৰ : ডাবল ইঞ্জিন চৰকাৰৰ কৃপাত কিছুসময়ৰ বাবে ঘূৰি যাওঁ আহক সেই দিনবোৰলৈ, য’ত নাছিল বিদ্যুতৰ ধাৰণা ৷ উৎকট গৰমত বাঁহ, ঢকুৱাৰ বিচনীৰ বাই শাঁত পেলাইছিল দেহা ৷ ঢিমিক ঢামাক চাকিৰ পোহৰত সন্ধিয়া শিক্ষাৰ্থীয়ে চিঞৰি চিঞৰি পঢ়িছিল ‘‘নিচিনো তোমাক ক’ত আছা প্ৰভু আমি অতি সৰু ল’ৰা’’ অথবা ‘‘শুৱনি আমাৰ গাঁওখনি অতি..’’ ইত্যাদি ৷ কণমানিহঁতে পঢ়াৰ সময়ত মহ, গৰম ইত্যাদি অশান্তি দূৰ কৰাৰ বাবে কাষতে বিচনী এখন লৈ ৰৈ আছিল পৰিয়ালৰ কোনো জ্যেষ্ঠ এগৰাকী ৷ মনত পৰিছেনে আপোনাৰ ? সময়বিলাক ভাললগা আছিল নহয়নে ? কথাবোৰ শুনি আপুনি নিশ্চয় নষ্টালজিক হৈ পৰিছে ৷

সেই দিনবোৰক এতিয়াও পাহৰণিৰ গৰ্ভলৈ যাবলৈ দিয়া নাই বিজেপি চৰকাৰে ৷ বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন, চন্দ্ৰ-সূৰ্য, মঙললৈ যান পঠিওৱাৰ সময়তো পুৰণি দিনৰ স্মৃতি বহন কৰিব পৰাকৈ চাকিৰ পোহৰতে দিন অতিবাহিত কৰাৰ এক পৰিৱেশ গঢ়ি দিছে বিজেপি চৰকাৰে ৷ হয়তো দেশ-ৰাজ্যৰ ভিন্ন স্থানত সেই পৰিৱেশ উপলব্ধ ৷ উদাহণস্বৰপে মাজুলীৰ এটা অঞ্চলক আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ৷

এটা বিশেষ দৃশ্য ৷ য’ত কেৰ’চিন তেলৰ চাকিৰ পোহৰত মজিয়াত বহি এগৰাকী ছাত্ৰীয়ে চিঞৰি চিঞৰি পঢ়ি আছে পাঠ্যপুথি ৷ কাষতে ঢিমিক ঢামাক পোহৰত হয়তো মাতৃয়ে ৰান্ধি আছে নিশাৰ আহাৰ ৷ চৰকাৰৰ ভাষণ অনুসৰি দেশৰ নদন-বদন অৱস্থাত এই দৃশ্য কিয় দেখা গ’ল মাজুলীত ? কাৰণ জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবেই সুলভ হৈ পৰিছে এই দৃশ্য ৷ যাৰ বাবে লাজে-অপমানে কেমেৰাৰ সন্মুখত বিজেপি কৰ্মীয়েও ক’লে দুখ-দুৰ্দশাৰ কাহিনী ৷ তেওঁ কয় যে, বিভিন্ন সময়ত তেওঁলোকে ঘৰে ঘৰে বিদ্যুতৰ কথা কয় যদিও নিজেই আন্ধাৰত আছে ৷

উল্লেখ্য যে বিধায়ক ভুৱন গামৰ ৰাৱনাগাঁৱৰ পৰা দক্ষিণপাট কুমাৰ গাঁও সংযোগী পথৰ কাষতে বসতি স্থাপন কৰা কেইটামান পৰিয়ালৰ বাসগৃহত আজিও সংযোগ নহ’ল বিদ্যুৎ ৷ ইফালে কেৰাচিন তেলৰ অভাৱত ডিজেল আৰু মিঠাতেলৰ চাকিৰ পোহৰত ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনা কৰিবলগীয়াও হৈছে । তিনিবছৰে বিভাগৰ ওচৰত বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিও বিফল হ’ল চুবুৰীটোৰ লোকসকল । ধন্য ডাবল ইঞ্জিন চৰকাৰ ৷ কিয়নো চৰকাৰৰ এনে বদান্যতাৰ বাবেই আজিও বহুতে পাহৰিব পৰা নাই সেই সোণসেৰীয়া মধুৰ দিনবোৰ ৷

লগতে পঢ়ক : Rajkumar Ranjan Singh visits majuli : মাজুলী মুখাশিল্প দেখি অভিভূত বৈদেশিক মন্ত্ৰী ড° ৰাজ কুমাৰ ৰঞ্জন সিং

Last Updated :Nov 7, 2023, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.