শিৱসাগৰ জিলাৰ পৰা শিকিব লগা আছে : শিক্ষামন্ত্ৰী ৰণোজ পেগু

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:20 PM IST

thumbnail

শিৱসাগৰ, 5 জানুৱাৰী : বুধবাৰ অৰ্থাৎ 3 জানুৱাৰীৰ পৰা শিৱসাগৰ জিলাত আৰম্ভ হৈছে গুণোৎসৱ । তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা গুণোৎসৱৰ আজি অন্তিম দিন । শুকুৰবাৰে শেষৰ দিনটোত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিভিন্ন বিদ্যালয়সমূহ পৰিদৰ্শন কৰে ৷ আজি শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অনুষ্ঠিত হোৱা গুণোৎসৱৰ কাৰ্যসূচী পৰ্যৱেক্ষণ কৰে ।

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে গুণোৎসৱত ধাৰাবাহিকভাৱে ভাল ফলাফল দেখুৱাই অহা শিৱসাগৰ জিলাৰ পৰা শিকিব লগা আছে বুলি মন্তব্য প্ৰকাশ কৰে ৷  গুণোৎসৱৰ জড়িতে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা শৈক্ষিক গুণাগুণ পৰীক্ষা কৰাৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি পৰ্যালোচনা কৰি সেইসমূহৰ উন্নতি পৰ্যায়ক্ৰমে কৰা হৈছে বুলি মন্ত্ৰী পেগুৱে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, জিলাখনৰ মুঠ 1263 খন বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে মুঠ 71,680 গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে । এইবাৰ 12 গৰাকী VVIP আৰু 465 গৰাকী মহাবিদ্যালয়ৰ প্ৰবক্তা, গেজেটেট অফিচাৰে শিৱসাগৰ জিলাত গুণোৎসৱৰ মূল্যায়ন কৰিছে ৷

লগতে পঢ়ক : ক’লা আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.