Book Fair at Nalbari Raas Festival venue: নলবাৰী ৰাস মহোৎসৱস্থলীত শিক্ষামন্ত্ৰীয়ে উদ্বোধন কৰিলে অসম গ্ৰন্থমেলা

By

Published : Nov 8, 2022, 11:00 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱত মঙলবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে উদ্বোধন কৰে অসম গ্ৰন্থমেলা(Education Minister inaugurated Assam Book Fair)৷ গ্ৰন্থমেলাখন উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, "ৰাসস্থলীত ভক্তৰ সমাগম দেখি যথেষ্ট সুখ অনুভৱ কৰিছো ৷ নলবাৰী ৰাস মহোৎসৱত এনে গ্ৰন্থমেলা সংযোজন হোৱাটো এক অভিনৱ সংযোজন ৷ মই আশা কৰিছো এইবাৰ গ্ৰন্থমেলাত কিতাপৰ বিক্ৰী ভাল হ’ব (Assam Book Fair at Nalbari Raas Festival venue)৷" সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বিত্তীয় নিয়ম শৃংখলা আৰু স্বচ্ছতাৰ বাবেহে চৰকাৰে ৮০০০ শিক্ষক পদৰ নিযুক্তি স্থগিত ৰাখিছে ৷ লগতে বিদ্যালয়সমূহ একত্ৰীকৰণৰে শিক্ষক নিযুক্তি বন্ধ কৰাৰ প্ৰশ্নই নুঠে ৷ যিখন স্কুলত ছাত্ৰ-ছাত্ৰী নাই তেনেকুৱা বিদ্যালয়সমূহ একত্ৰীকৰণৰ প্ৰয়োজন আছে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.