Durga Puja 2023:জোনাইত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:32 PM IST

thumbnail

জোনাই, ১৮ অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো আৰু দুটা দিন বাকী । দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে ভক্তগণ । মেঘৰ ওৰণি গুচাই পৃথিৱীলৈ নামি আহিছে শৰৎ। ঘোঁৰাৰ পিঠিত উঠি এইবেলি ধৰালৈ নামিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গা । শৰতৰ এই মনোমোহা পৰিৱেশৰ মাজত দুৰ্গোৎসৱৰ পেণ্ডেলে পেণ্ডেলে ইতিমধ্যেই ভক্তগণক ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ৷ সকলোতে এতিয়া ব্যাপক প্ৰস্তুতি ।

পিছ পৰি ৰোৱা নাই জোনাই । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো এতিয়া দেখিবলৈ পোৱা গৈছে পূজাৰ এক উগুল-থুগুল পৰিৱেশ । দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে পূজা সমিতি তথা ভক্তসকলে ভিন্ন আকৃতিত নিৰ্মাণ কৰি উলিয়াইছে পেণ্ডেল । জোনাই বজাৰ দুৰ্গা পূজা সমিতিয়ে এইবাৰ নিৰ্মাণ কৰি উলিয়াইছে চন্দ্ৰযান ৩ ৰ আৰ্হিত এক আকৰ্ষণীয় পেণ্ডেল ।

লগতে পঢ়ক : Durga Puja2023:ঐতিহ্যমণ্ডিত পুৰাণ শ্ৰীপুৰ দেৱালয়ত শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.