DU Ragging Update: বাৰে বাৰে ৰেগিঙত জড়িত নহয় বুলি দাবী ৰাহুল চেত্ৰীৰ

By

Published : Dec 5, 2022, 1:21 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

‘‘মই ৰেগিঙকাণ্ডৰে জড়িত নাছিলোঁ’’, আৰক্ষীৰ বেষ্টনীৰ পৰাই এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙকাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ(Prime accused of DU ragging) ৷ আজি পুৱাৰ ভাগত লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতেই ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় সদৰ আৰক্ষীয়ে (Rahul Chetry arrested) ৷ কিছু সময় সদৰ থানাত ৰাহুল চেত্ৰীক জেৰা চলোৱাৰ পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় চিকিৎসালয়লৈ ৷ চিকিৎসালয়লৈ নিয়াৰ সময়তে সংবাদমাধ্যমৰ আগত ‘‘মই ৰেগিঙেৰে জড়িত নহয়’’ বুলি মন্তব্য কৰে মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে(DU ragging incident) ৷ ইফালে, স্বাস্থ্য পৰীক্ষাৰ পিছতেই ৰাহুল চেত্ৰীক আজিয়েই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা ৷ ইতিমধ্যেই সমগ্ৰ ঘটনাৰে জড়িত 6জন গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছে জেইললৈ ৷ কিন্তু ৰাহুল চেত্ৰীয়ে দাবী কৰাৰ দৰে তেঁও ৰেগিঙেৰে জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.