Son kills father in Rangapara : সুৰাপায়ী পুত্ৰই হত্যা কৰিলে বৃদ্ধ পিতৃক

By

Published : Feb 10, 2023, 9:36 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ৰঙাপৰা, 10 ফেব্ৰুৱাৰী: নৃশংস ৷ অমানৱীয় ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । প্ৰথমে বাক-বিতণ্ডা ৷ তাৰ পিছত লাঠিৰে বৃদ্ধজনক উপৰ্যুপৰি আক্ৰমণ ৷ আক্ৰমণত নিজকে বচাবলৈ আপ্ৰাণ চেষ্টা বৃদ্ধগৰাকীৰ ৷ কিন্তু নাই নোৱাৰিলে নিজকে বচাবলৈ ৷ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বৃদ্ধগৰাকীয়ে (Father killed by son in Rangapara) ৷

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, এয়া কোনো দুৰ্বৃত্তই হত্যা কৰাৰ ঘটনা নহয় ৷ বৰংস্ব এয়া এগৰাকী বৃদ্ধক নিজ পুত্ৰই অতি বৰ্বৰতাৰে হত্যাৰ কৰাৰ ঘটনাহে ৷ অভিযোগ অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ৭ মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত তাৰাজুলি চাহ বাগিচাৰ ৭ নং শ্ৰমিক লাইনৰ নিবাসী চামেল লংগা আৰু তেওঁৰ পুত্ৰ কামেল লংগাৰ মাজত কোনো ঘৰুৱা কথাক লৈ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ সেয়া স্বাভাৱিক কথা ৷ পিতা-পুত্ৰৰ মাজত বাক-বিতণ্ডা হ’ব পাৰে ৷ কিন্তু এই পিতা-পুত্ৰৰ মাজত সৃষ্টি হোৱা এই বাক-বিতণ্ডা কিছু পৃথক আছিল  ৷ কাৰণ পুত্ৰজন আছিল সুৰামত্ত অৱস্থাত ৷

দুয়োৰে কাজিয়াই পৰবৰ্তী সময়ত ইমানেই ভয়ংকৰ ৰূপ লয় যে সুৰাৰ ৰাগিত মাতাল হৈ বৃদ্ধ পিতৃক লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰে পুত্ৰ কামেল লংগাই (Son kills father in Rangapara) ৷ পুত্ৰৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও নিজকে ৰক্ষা কৰিব নোৱাৰিলে চামেল লংগাই ৷ ফলত থিতাতে মৃত্যুক সাবটি লয় দুৰ্ভগীয়া পিতৃ চামেল লংগাই ৷ ইফালে ঘটনা পোহৰলৈ আহে শুকুৰবাৰে পুৱা ৷

স্থানীয় ৰাইজে ঘটনা সংক্ৰান্তত খবৰ দিয়ে ৰঙাপৰা আৰক্ষীক ৷ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ ৰঙাপৰা আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আটক কৰে অভিযুক্ত পুত্ৰ কামেল লংগাক ৷ অভিযুক্ত পুত্ৰক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ৷ ইফালে চামেল লংগাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে তেজপুৰলৈ ।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি জানিব দিয়ে ৰঙাপৰা আৰক্ষীয়ে (Rangapara Murder case) ৷

লগতে পঢ়ক: Husband killed by wife: প্ৰেমিকৰে মিলি স্বামীক হত্যা; এতিয়া ৰঙাঘৰত মৃতকৰ পত্নীসহ প্ৰেমিক

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.