ETV Bharat / state

Husband killed by wife: প্ৰেমিকৰে মিলি স্বামীক হত্যা; এতিয়া ৰঙাঘৰত মৃতকৰ পত্নীসহ প্ৰেমিক

author img

By

Published : Feb 8, 2023, 11:41 AM IST

অবৈধ সম্পৰ্কৰ ভয়ানক পৰিণতি ৷ প্ৰেমিকৰে মিলি স্বামীক নিৰ্মমভাৱে হত্যা (Murder in Chirang ) ৷ হত্যা কৰি আই নৈত শিলেৰে ঢাকি থলে মৃতদেহ ৷ মৃতদেহ উদ্ধাৰৰ পিছত আৰক্ষীয়ে অতি ক্ষীপ্ৰতৰে আৰম্ভ কৰিলে তদন্ত ৷ অৱশেষত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Wife and lover arrested for killing husband) ৷

Wife arrested for killing husband with her illegal boyfriend in Chirang
চিৰাঙৰ দেউশ্ৰীৰ হত্যাকাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ

চিৰাঙৰ দেউশ্ৰীৰ হত্যাকাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ

চিৰাং, 8 ফেব্ৰুৱাৰী: প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল ৷ প্ৰেম শাশ্বত. . . প্ৰেম চিৰ প্ৰবাহমান । প্ৰেমৰ বলত সৃষ্ট অনুভূতিবোৰে জীৱনক দিয়ে এক স্বৰ্গীয় সুখ । প্ৰেমৰ কাৰণে মানুহে কি কৰিব নোৱাৰে ! বহু সময়ত প্ৰেমৰ লগত জড়িত নানানটা ঘটনা পৰিঘটনাই ইয়াৰ উদাহৰণ দি আহিছে ৷ সঁচাকৈয়ে অপাৰ মহিমা এই প্ৰেমৰ ৷ কিন্তু এই প্ৰেমৰ সম্পৰ্কই যেতিয়া নাম পাই অবৈধ সম্পৰ্কৰ, তেতিয়াই সৃষ্টি হয় সংঘাতৰ ৷ তেনে প্ৰেমৰ বাবেই এক জঘন্য অপৰাধৰ ঘটনা সংঘটিত হৈছে চিৰাঙত ৷

অবৈধ সম্পৰ্কৰ পৰিণতিৰ এক কৰুণ তথা শিহৰণকাৰী ঘটনা । প্ৰেমিকেৰে মিলি স্বামীক হত্যা (Wife killed husband over extra marital affair in Assam) ! ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি অপৰাধীক ৷ কেমেৰাৰ সন্মুখত হত্যাৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিলে অপৰাধীয়ে ৷ আটকাধীন তিনি অপৰাধী ক্ৰমে আৰতি মুৰ্মু, হোপনা টুডু (৩৩) আৰু তেওঁৰ বন্ধু সোম টুডু (২৫) (Wife arrested for killing husband in Chirang) ৷

ঘটনাৰ বিৱৰণী মতে, যোৱা ২ ফেব্ৰুৱাৰীত আই নৈৰ পৰা উদ্ধাৰ হৈছিল এটা মৃতদেহ ৷ মৃতদেহটো আছিল চিৰাঙৰ দেউশ্ৰীৰ আৰতি মুৰ্মুৰ স্বামী ধেনা মুৰ্মুৰ ৷ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে ৰুনিখাতা থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ ধাৰা অনুসৰি ১০/২৩ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল । হত্যাকাণ্ডৰ এই বিষয়টো লৈ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত শান্তিপাৰা আৰক্ষী চকীৰ সন্মুখত গাঁওবাসীয়ে প্ৰতিবাদো কৰিছিল (Murder for Extra Marital affair in Chirang)।

ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোৱৰে জনোৱা অনুসৰি, মৃতদেহ উদ্ধাৰৰ পিছৰে পৰা বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ৷ যাৰ বাবে অতি কম সময়ৰ ভিতৰতেই এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত তিনি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত পত্নী আৰতি মুৰ্মুক পলাতক অৱস্থাত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে আন দুই অভিযুক্ত হোপনা টুডু আৰু সোম টুডুক স্থানীয় ৰাইজৰ সহযোগত গাঁৱৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Murders arrested in Chirang) ।

জানিব পৰা মতে, আৰতি মুৰ্মুৰ বহু দিনৰে পৰা হোপনা টুডুৰ সৈতে আছিল এক অবৈধ সম্পৰ্ক ৷ ইফালে গাঁওবাসীয়ে জনোৱা মতে, হোপনা টুডু দেউশ্ৰীৰ ভিচিডিচিৰ উপ-সভাপতি হোৱাৰ লগতে আছিল বিটিআৰৰ শাসকীয় দলৰ এজন পালিনেতা ৷

এই অবৈধ সম্পৰ্কৰ বাবেই এদিন আৰতি মুৰ্মুয়ে প্ৰেমিক হোপনা টুডুৰ সৈতে মিলি স্বামী ধেনা মুৰ্মুক হত্যাৰ পৰিকল্পনা কৰিলে ৷ এই পৰিকল্পনাক বাস্তৱত পৰিণত কৰাৰ লক্ষ্যৰে যোৱা 24 জানুৱাৰীত হোপনা টুডু আৰু তেওঁৰ বন্ধু সোম টুডু বহে মদৰ আড্ডাত ৷ পৰিকল্পনা অনুসৰিয়েই সেই সময়তেই সেই স্থানত আহি উপস্থিত হয় আৰতিৰ স্বামী ধেনা মুৰ্মু ৷

তাৰ পিছতে হোপনা টুডু আৰু সোম টুডুয়ে অতি নিৰ্মমভাৱে কোৰেৰে কোবাই কোবাই ধেনা মুৰ্মুক হত্যা কৰে আৰু এই শিহৰণকাৰী হত্যাকাণ্ড লুকুৱালৈ আই নৈত শিলেৰে ঢাকি পুতি থয় ধেনা মুৰ্মুৰ মৃতদেহটো (Murder in Chirang) ৷ কিন্তু সত্য জানো চিৰদিনলৈ লুকুৱাই ৰাখিব পাৰি ? নোৱাৰি, যোৱা 2 ফ্ৰেব্ৰুৱাৰীত ৰাইজে আই নৈত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক৷ আৰক্ষীয়ে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ অতি সোনকালেই অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ইফালে গ্ৰেপ্তাৰৰ পিছত কেমেৰাৰ সন্মুখত পৰকীয়া প্ৰেমৰ বাবে ধেনা মুৰ্মুক হত্যা কৰা বুলি স্বীকাৰ কৰে হোপনা টুডুয়ে ৷ আনহাতে স্থানীয় ৰাইজৰ দাবী মৃত্যুদণ্ডেৰে দণ্ডিত কৰক হত্যাকাৰীক ৷

লগতে পঢ়ক: Tinsukia murder : পুত্ৰক কিয় হত্যা কৰিলে পিতৃয়ে..কেমেৰাৰ সন্মুখত ভয়ংকৰ স্বীকাৰোক্তি পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.