ETV Bharat / state

Tinsukia murder : পুত্ৰক কিয় হত্যা কৰিলে পিতৃয়ে..কেমেৰাৰ সন্মুখত ভয়ংকৰ স্বীকাৰোক্তি পিতৃৰ

author img

By

Published : Feb 7, 2023, 4:45 PM IST

মাদক দ্ৰব্য সেৱন কৰি উপদ্ৰৱ চলোৱা পুত্ৰক ডিঙি চেপি হত্যা পিতৃৰ (A man killed his son in Tinsukia)। পুত্ৰক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ । কেমেৰাৰ সন্মুখতে হত্যাৰ ভয়ংকৰ স্বীকাৰোক্তি কৰিলে পিতৃয়ে । হত্যাকাৰীক উচিত শাস্তিৰ দাবী পত্নীৰ ।

Tinsukia murder
পুত্ৰক ডিঙি চেপি হত্যা পিতৃৰ

পুত্ৰক ডিঙি চেপি হত্যা পিতৃৰ

তিনিচুকীয়া, ৭ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ ধলাত নৃশংস ঘটনা (Sensational murder in Tinsukia)। পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ । শোকত ভাগি পৰিছে বোৱাৰী । হত্যা কৰি আত্মসমৰ্পণো কৰে পিতৃয়ে (Father surrenders by killing son)। ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তিৰ দাবী বোৱাৰীৰ ।

তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাইটী পোৱালি পথাৰ গাঁৱত গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে । নিষ্ঠুৰ পিতৃয়ে গামোচাৰে ডিঙি চেপি হত্যা কৰিলে নিজৰে পুত্ৰক । হত্যাৰ সাক্ষী হৈ ৰ'ল মাতৃ আৰু নাতিনী ! সমগ্ৰ ঘটনাক লৈ ধলা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পুত্ৰৰ পত্নী ।

আচৰিত কথাটো হ'ল যে কেমেৰাৰ সন্মুখতে পুত্ৰৰ হত্যাৰ কথা স্বীকাৰ কৰিলে পিতৃ দিলীপ আৰন্ধৰাই । জানিব পৰা মতে দেওবাৰে পুত্ৰ অনন্ত ওৰফে দৌ আৰন্ধৰা আৰু পিতৃৰ মাজত কোনো কথাক লৈ সংঘাতৰ সৃষ্টি হৈছিল । মাদক দ্ৰব্য সেৱন কৰাক লৈ পুত্ৰৰ সৈতে পিতৃৰ কাজিয়াৰ সূত্ৰপাত হৈছিল । কিন্তু এই কাজিয়াই ভয়ংকৰ ৰূপ ল'লে আৰু এসময়ত পিতৃয়ে গামোচাৰে ডিঙি চেপি পুত্ৰ অনন্তক হত্যা কৰিলে (A man killed his son in Tinsukia)।

অভিযুক্ত পিতৃয়ে স্বীকাৰ কৰা মতে প্ৰায় সুৰাপান কৰি পুত্ৰ অনন্তই বিভিন্ন ধৰণে ঘৰত অত্যাচাৰ কৰে । ঘৰৰ সামগ্ৰী জ্বলাইও দিয়ে । পিতৃয়ে অভিযোগ কৰা মতে পুত্ৰই সুৰাপান কৰি ঘৰত অগ্নি সংযোগৰ চেষ্টা কৰিছিল । যাৰ বাবে উপায়ন্তৰ হৈ এই অপৰাধ কৰিবলৈ বাধ্য হ'ল পিতৃ ।

ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ধলা আৰক্ষী উপস্থিত হৈ পুত্ৰ অনন্তৰ মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰলোকক চমজাই দিয়ে । আৰক্ষীয়ে জনোৱা মতে দেওবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাটি পোৱালি পথাৰ গাঁৱৰ নিবাসী দিলীপ আৰন্ধৰা আৰু পুত্ৰ অনন্ত ওৰফে দৌ আৰন্ধৰাৰ মাজত এক পাৰিবাৰিক কাজিয়াৰ সূত্ৰপাত হয় (Family conflict kills one in Tinsukia)।

পুত্ৰক হত্যা কৰি পিতৃ দিলীপ আৰন্ধৰাই নিশাই ধলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । স্থানীয় লোকে অভিযোগ কৰা মতে অনন্ত ওৰফে দৌ আৰন্ধৰাই দীৰ্ঘদিন ধৰি মাদক দ্ৰব্য সেৱন কৰি ঘৰত উপদ্ৰৱ চলায় আহিছিল । ইফালে, স্বামীৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবী জনাইছে মৃত অনন্তৰ পত্নীয়ে ৷ অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । লগতে দিলীপ আৰন্ধৰাৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ধলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷

লগতে পঢ়ক :Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.