Drugs Peddler Detained : নলবাৰীৰ লাওদলত দুই ড্ৰাগছ আসক্ত যুৱকক আটক আৰক্ষীৰ

By

Published : Aug 9, 2023, 7:39 PM IST

thumbnail

নলবাৰী, ৯ আগষ্ট : ড্ৰাগছ মুক্ত অসম গঢ়াৰ যি লক্ষ্যৰে দিনে-নিশাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে অসম আৰক্ষীয়ে ৷ নলবাৰীতো ড্ৰাগছ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী ৷ নলবাৰীত আৰক্ষীৰ অভিযানত নিতৌ আটক হৈছে ড্ৰাগছ সহ সৰবৰাহকাৰী ৷

বুধবাৰে নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নলবাৰী আৰক্ষীয়ে ৷ নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লাওদল চ'কত অভিযান কালত দুই ড্ৰাগছ আসক্ত যুৱকক নলবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰাৰ যুৱক দুজনৰ পৰা সন্দেহযুক্ত হেৰ'ইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷

পৰৱৰ্তী সময়ত আটকাধীন যুৱক দুজনক নলবাৰী আৰক্ষী থানালৈ লৈ অনা হয় ৷ আটকাধীন যুৱক দুজন ক্ৰমে নলবাৰী চহৰৰ মালিকুছিৰ চুলতান আলী আৰু ঘোগাৰ ৰমজান আলী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Leftist protest in Barpeta: বৰপেটা পৌৰসভা খেলপথাৰৰ গেট ভাঙি মহাবিক্ষোভ প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.