Crime in Nagaon:ৰহাত ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : Mar 25, 2023, 10:54 PM IST

thumbnail

ৰহা,২৫ মাৰ্চ: ৰাজ্যত এফালে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু আনফালে অব্যাহত আছে ড্ৰাগছৰ অবৈধ সৰবৰাহ (Assam police anti drugs mission)। বিভিন্ন উপায়েৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে  সৰবৰাহ । ইয়াৰ মাজতেই এইবাৰ ৰহাৰ চাপৰমুখত হেৰ'ইনসহ আটক হ'ল দুই ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ এটা হৈছে আবু আছাৰ । দুই সৰবৰাহকাৰীৰ পৰা চাপৰমুখ আৰক্ষীয়ে জব্দ কৰিছে পাঁচটা চাবোনৰ বাকচভৰ্তি হেৰ'ইন (Drugs seized in Raha)।

 জানিব পৰা মতে, নগাঁও জিলাৰ ধিঙৰ মোৰাঝাৰৰ এই দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা ৰে'লেৰে ড্ৰাগছখিনি আনি  চাপৰমুখ ষ্টেচনত নামি খোজ কাঢ়ি আহি থকা অৱস্থাতেই  চাপৰমুখ আৰক্ষীয়ে আটক কৰে (Drugs paddler arrested in Raha)।

লগতে পঢ়ক:Rahul Gandhi disqualify issue : অযোগ্য ঘোষণাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.