Drugs Peddler arrested: নগাঁৱত ড্ৰাগছ বিৰোধী অভিযানত জব্দ মাৰণাস্ত্ৰ

By

Published : Nov 30, 2022, 5:26 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

নগাঁৱত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই এটা 7.65 MM পিষ্টল, তিনি জাঁই সজীৱ গুলী আৰু ব্ৰাউন চুগাৰসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(Drug Peddler arrested with Arms in Nagaon) ৷ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আৰক্ষীৰ অভিযানৰ সময়ত আটক হোৱা সৰবৰাহকাৰীকেইটা ক্ৰমে ইক্ৰামূল হক, ফৰিদা বেগম আৰু ৰুহিনা বেগম বুলি জানিব পৰা হৈছে(Drugs Peddler arrested in Nagaon) ৷ ম’হখুলিৰ ৰজত আলী ওৰফে মুন্না নামৰ ড্ৰাগছ মাফিয়াটোৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ৰজত আলীয়ে পৰিয়ালৰ আনসকলৰ লগত মিলি দীৰ্ঘদিনৰ পৰা চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে কুখ্যাত ড্ৰাগছ মাফিয়া ৰজত ওৰফে মুন্নাৰ লগতে তেওঁৰ পিতৃ বিল্লাল উদ্দিন ৷ ড্ৰাগছ মাফিয়টোৰ ঘৰত উদ্ধাৰ হোৱা 7.65 MM পিষ্টল আৰু গুলীৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে ইতিমধ্যে নগাঁও সদৰ থানাত ধৃত সৰবৰাহকাৰীকেইটাৰ জেৰা চলাই আছে আৰক্ষীয়ে(Assam police anti drug campaign) ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.