Guwahati Doctor Couple case: পুনৰ 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক

By

Published : May 17, 2023, 9:13 PM IST

thumbnail

গুৱাহাটী, 17 মে’: পুনৰ 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ডাঃ সংগীতা দত্তক ৷ পূৰ্বে 10 দিনৰ আৰক্ষীৰ জিম্মাত থকা শিশু নিৰ্যাতন কাণ্ডৰ অভিযুক্ত চেলিব্ৰেটি চিকিৎসক সংগীতা দত্তৰ আৰক্ষী জিন্মাৰ ম্যাদ উকলি যোৱাত বুধবাৰে POCSO আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে 3 দিনৰ বাবে পুনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে সংগীতাক (Sangeeta Dutta again sent to police custody) ৷

ইতিমধ্যে ডাঃ সংগীতাৰ চিকিৎসক স্বামী ৱালিউল ইছলামসহ চিকিৎসক দম্পতীৰ ঘৰত বন কৰা দুই মহিলা লক্ষী ৰায় আৰু কাবাইক জে'ললৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে তোলনীয়া সন্তানক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতী (Doctor couple child molestation case) ৷ সমগ্ৰ ঘটনা তদন্তৰ পিছত পোহৰলৈ আহিছিল ন ন তথ্য ৷ গুৱাহাটীৰ অভিজাত চেলিব্ৰেটি চিকিৎসক দম্পতীৰ হাতত নিৰ্যাতন তথা যৌন উৎপীড়নৰ বলি হোৱা নিষ্পাপ শিশু দুটিৰ প্ৰকৃত জন্মদাতা পিতৃ-মাতৃ কোন তাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে (Guwahati Doctor Couple case) ৷  

ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক শিশু দুটিক যোগান ধৰা দালাল উৎপলা বসু আৰক্ষী জালত পৰিলেও ভুক্তভোগী শিশু দুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ সন্ধান উলিওৱাত হাবাথুৰি খাবলগীয়া হৈছে গুৱাহাটী আৰক্ষী (Child abuse case in Guwahati) ৷

লগতে পঢ়ক: Guwahati Doctor Couple case: শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীক কঠোৰ শাস্তি প্ৰদানৰ দাবী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.