ন মাহ পিচত শিশুৰ দেহৰ পৰা বাহিৰ হ'ল গুলী

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 7:15 PM IST

thumbnail

গুৱাহাটী, ১৬ ডিচেম্বৰ : চকলেট বুলি এয়াৰ গানৰ গুলী গিলি চিকিৎসকৰ তৎপৰতাত মৃত্যুৰ দুৱাৰদলিৰ পৰা কথমপি উভতি আহিল এটি চাৰি বছৰীয়া কণমানি শিশু । শিশুটিৰ ঘৰ নগাঁও চামগুৰিৰ কাৱৈমাৰিত । জানিব পৰা মতে, নিজৰ ঘৰত খেলি থাকোতে চকলেট বুলি কেৰ্কেটুৱা মাৰিবলৈ ব্যৱহাৰ কৰা এয়াৰ গানৰ তিনিটা গুলী খাইছিল শিশুটিয়ে । পৰৱৰ্তী সময়ত দুটা গুলি শৌচৰ দ্বাৰেৰে ওলাই যায় যদিও এটা গুলী হাওফাওত আৱদ্ধ হৈ পৰে । লাহে লাহে শিশুটিয়ে জ্বৰ, কাহ, বুকুৰ বিষত আক্ৰান্ত হবলৈ ধৰে ।

এই কথা পৰিয়ালৰ লোকে জানিব পাৰি প্ৰথম অৱস্থাত ৪ বছৰীয়া শিশুটিক নগাঁৱৰ এজন চিকিৎসকৰ ওচৰত লৈ যায় । তাৰ পিচত চিকিৎসকজনৰ পৰামৰ্শ মতে প্ৰায় ন মাহ পিচত অৰ্থাৎ যোৱা ১১ ডিচেম্বৰত প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰাই শিশুটিক । হাস্পতালখনৰ ই এন টি বিশেষজ্ঞ ডাঃ বিশ্বজিত গগৈৰ তত্বাৱধানত অৱশেষত কোনো অস্ত্ৰোপচাৰৰ নোহোৱাকৈ শিশুটিৰ দেহৰ পৰা সুকলমে গুলীটো উলিয়াবলৈ সক্ষম হয় । বৰ্তমান সম্পূৰ্ণ সুস্থ শিশুটিক আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় । শিশুটিৰ পিতৃ কামাল হুছেইন পেচাত এগৰাকী পাণদোকানী ।

লগতে পঢ়ক : Wild buffalo kills teenager: বনৰীয়া ম'হৰ ত্ৰাস : নিহত এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.