Bihu in Guinness world record:বিহুনৃত্যৰে অভিলেখ গঢ়া তিনিচুকীয়াৰ শিল্পীসকলক মানপত্ৰ-মাননি প্ৰদান

By

Published : Jun 30, 2023, 5:33 PM IST

thumbnail

তিনিচুকীয়া, ৩০ জুন : এখন বাকৰিতে আয়োজিত সৰ্ববৃহৎ বিহুনৃত্যৰে অভিলেখ গঢ়া তিনিচুকীয়া জিলাৰ ৫২৪ গৰাকী শিল্পীলৈ তিনিচুকীয়াত শুকুৰবাৰে প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰা হয় ৷ অসম চৰকাৰৰ উদ্যোগত বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে চলিত বছৰৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যখনৰ দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ দ্বাৰা যি গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান দখল কৰা হ’ল, সেই পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীলৈ ২৫ হাজাৰ টকাৰ মাননি প্ৰদানৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সেয়েহে আজি তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত জিলাখনৰ পাঁচোটা বিধানসভা সমষ্টিৰে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীকে মাননি প্ৰদান কৰাৰ লগতে এখনকৈ মানপত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী আয়োজন কৰা হয় । 

উক্ত অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৷ তেখেতে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত থাকে ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, জিলা উপায়ুক্ত স্বপ্নীল পাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোঁহাই, জিলা পৰিষদৰ অধ্যক্ষ ৰাজেন্দ্ৰনাথ কৌৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : Helping hand: বিহু নচা ধনেৰে দৰিদ্ৰ শিক্ষাৰ্থীক সহায়ৰ ইচ্ছা অম্লান, অভিজিৎ, দৃষ্টিহঁতৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.