ETV Bharat / state

Helping hand: বিহু নচা ধনেৰে দৰিদ্ৰ শিক্ষাৰ্থীক সহায়ৰ ইচ্ছা অম্লান, অভিজিৎ, দৃষ্টিহঁতৰ

author img

By

Published : Apr 18, 2023, 8:30 PM IST

এটা সময়ত নিজেই দৰিদ্ৰতাৰ মাজেৰে কষ্টেৰে শিক্ষা গ্ৰহণ কৰা যোৰহাটৰ কেইগৰাকীমান উদীয়মান যুৱক-যুৱতীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ বিহুনাচক গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰি ৰাজ্য চৰকাৰৰ পৰা পোৱা মাননিৰে এতিয়া সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থীক সহায় কৰাৰ মানসেৰে আগবাঢ়ি আহিছে তেওঁলোক (Jorhat youths willing to help poor students) ৷ সবিশেষ আগলৈ-

willing to help poor students
কেইগৰাকীমান উদীয়মান যুৱক-যুৱতী

কেইগৰাকীমান উদীয়মান যুৱক-যুৱতী

যোৰহাট, 18 এপ্ৰিল : চৰ্চালৈ আহিছে যোৰহাটৰ নৱ-প্ৰজন্মৰ কেইবাগৰাকীও যুৱক-যুৱতী ৷ বিহুনাচ আৰু থলুৱা বাদ্যযন্ত্ৰ বজাই গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ নাম অন্তৰ্ভুক্ত কৰি অহা এই কেইজন বিহুৱা-বিহুৱতীয়ে নিজৰ কষ্টোপাৰ্জিত ধনেৰে সহায় কৰিব বিচাৰিছে কোনোবা দৰিদ্ৰ পৰিয়ীলৰ শিক্ষাৰ্থীক ৷

বিহু অসমীয়াৰ সদায়েই আদৰৰ ৷ কিন্তু এইবাৰৰ বিহু প্ৰতিজন অসমীয়াৰ বাবে বিশেষ হৈ ৰ’ব যিহেতু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে 11,304 গৰাকী বিহুৱা-বিহুৱতীয়ে একেলগে বিহুনাচ প্ৰদৰ্শন কৰি গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰে (Assam bihu in Guinness book of world record) ৷ মাৰ্চ মাহৰ শেষৰ ভাগৰ পৰা এপ্ৰিললৈকে একেৰাহে অনুশীলনত ব্যস্ত থাকি এই সফলতা অৰ্জনত অৰিহণা যোগোৱা প্ৰতিজনলৈ চৰকাৰে 25 হাজাৰ টকাকৈ মাননি আগবঢ়াইছে ৷ বিশ্ব দৰৱাৰত অসমৰ নাম অন্তৰ্ভুক্ত কৰি অংশগ্ৰহণকাৰী সকল উৎফুল্লিত হৈ পৰে সাহাৰ্য লাভ কৰি ।

willing to help poor students
কেইগৰাকীমান উদীয়মান যুৱক-যুৱতী

ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ পৰাই দুশৰো অধিক বিহুৱা-বিহুৱতীয়ে অংশ লয় এই মেগা বিহু অনুষ্ঠানত ৷ যোৰহাটৰ পৰাও গৈছিল সৰহ সংখ্যক বিহুৱা-বিহুৱতী ৷ ইয়াৰে এতিয়া কেইবাজনো যুৱক-যুৱতী আগবাঢ়িছে এক প্ৰশংসনীয় পদক্ষেপ আগত লৈ ৷ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰি পোৱা ধনেৰে দ্ৰৰিদ্ৰ শিক্ষাৰ্থীক সহায় কৰিব বিচাৰিছে তেওঁলোকে ৷ যোৰহাটৰ অম্লান জ্যোতি ভৰালী, অভিজিত শ‌ইকীয়া, দৃষ্টি দত্তকে ধৰি আৰু কেইবাজনেও গ্ৰহণ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ (Jorhat youths who contributed in world record) ।

willing to help poor students
কেইগৰাকীমান উদীয়মান যুৱক-যুৱতী

এওঁলোকৰ এই বাৰ্তা বিয়পি পৰাৰ পিছতে খোজত খোজ মিলাই এতিয়া লগ দিছে অস‌ংখ্য জনে । বিশ্ব ৰেকৰ্ড কৰি লাভ কৰা টকাৰে এওঁলোকে দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ পত্ৰ কিনি দি সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে । এওঁলোকৰ মহান প্ৰচেষ্টাক এতিয়া সকলোৰে প্ৰশংসাৰে ওপচাই পেলাইছে । উক্ত যুৱক যুৱতী কেইজনে দৰিদ্ৰ ঘৰৰ শিক্ষাৰ্থীক কিতাপ-পত্ৰ কিনি সহায় কৰি দিম বুলি ছ’চিয়েল মিডিয়াত দিয়া পোষ্টে বৰ্তমান ব্যাপক ভাৱে প্ৰশংসা লাভ কৰিছে (Jorhat youths willing to help poor students) ।

লগতে পঢ়ক : Latasil Bihu Samragi 2023 : প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত জিলিকিল লতাশিল বিহু সম্ৰাজ্ঞী 2023 ৰ মুকুট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.