Scam in flood relief in Majuli: মাজুলীত বান সাহায্য বিতৰণত বিসংগতি

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 5:27 PM IST

thumbnail

মাজুলী,১ ছেপ্টেম্বৰ: ভদীয়া বানৰ কবলত মাজুলীৰ নৈ পৰীয়া অঞ্চল । ভদীয়া বানৰ কবলত পৰা লোকসকলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা বান সাহায্য প্ৰদান । পিছে মাজুলী জিলা প্ৰশাসনে প্ৰদান কৰা বান সাহায্যত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে । নামনি মাজুলীৰ বেবেজীয়া গাঁৱৰ বানাক্ৰান্তই চৰকাৰে প্ৰদান কৰা বান সাহায্য নিবলৈ আহি কেইবাঘণ্টা ধৰি ৰৈ থাকিব লগা হোৱাৰ অভিযোগ উত্থাপন হৈছে ।  

ইফালে ৭২ টা পৰিয়ালৰ বাবে অহা চাউল, নিমখ আৰু মিঠাতেল কমকৈ অহাত বিতৰণ কৰাত অসুবিধাৰ সন্মুখীন হৈছে বেবেজীয়া গাঁৱৰ ৰাইজ । পাঁচ কুইণ্টল পঞ্চাশ কিলোগ্ৰাম চাউল লাভ কৰিব লাগিছিল যদিও পাঁচ কুইণ্টল উনৈশ কিলোগ্ৰাম চাউল অহাত বিলাবলৈ অসুবিধাৰ সন্মুখীন হৈছে গাঁওবাসী । কৰবাত যদি পঁচা দাইল বিতৰণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে আন কৰবাত সামগ্ৰী কমকৈ প্ৰদান কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ।  

জিলা প্ৰশাসনে যিসকল ঠিকাদাৰক বান সাহায্য প্ৰদানত নিয়োগ কৰিছে সেইসকল ঠিকাদাৰে বান সাহায্য বিতৰণত ব্যাপক বিংগতি সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰে বানাক্ৰান্তই । সমগ্ৰ বিষয়টো সন্দৰ্ভত মাজুলী জিলা আয়ুক্তগৰাকীয়ে হস্তক্ষেপ কৰাৰ দাবী জনাই স্থানীয় লোকসকলে ।  

লগতে পঢ়ক: CM Himanta Biswa Sarma: ‘এক দেশ এক নিৰ্বাচন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বলিষ্ঠ পদক্ষেপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.