CM Himanta Biswa Sarma: ‘এক দেশ এক নিৰ্বাচন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বলিষ্ঠ পদক্ষেপ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:50 PM IST

thumbnail

নগাঁও, 1 ছেপ্টেম্বৰ: এক দেশ এক নিৰ্বাচন (One Nation One Election) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বলিষ্ঠ পদক্ষেপ । এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । শুকুৰবাৰে নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত One Nation One Election সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । 

পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন অথবা লোকসভা নিৰ্বাচন পৃথকে পৃথকে অনুষ্ঠিত হ’লে দেশৰ উন্নয়নৰ ক্ষেত্ৰত বহু বাধাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে । একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে নিৰ্বাচনী পুঁজি ব্যয়ৰ ক্ষেত্ৰতো বহু লাভৱান হ’ব । 

One Nation One Election নীতি গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । ইফালে অহা লোকসভা নিৰ্বাচনত বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীকলৈয়ো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 

দেশত আগন্তুক সময়ত নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য । ‘‘কোনোবা হ'ব বিচাৰিলে ভেঞ্চাৰ প্ৰধানমন্ত্ৰী হে হ'ব পাৰিব’’ মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷ 
 

লগতে পঢ়ক: Silsako Eviction: শিলসাঁকোৰ উচ্ছেদক লৈ আন্দোলন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.