Efforts to make Dihanam global: দিহানামক বিশ্বমুখী কৰাৰ প্ৰয়াস

By

Published : Jun 6, 2023, 7:27 PM IST

thumbnail

কলিয়াবৰ,৬ জুন: অসমীয়া জাতিৰ আপোন বিহুৱে প্ৰতিষ্ঠা লাভ কৰিলে বিশ্ব দৰবাৰত (Efforts to make Dihanam global) । ইয়াৰ পাছতেই গুৰুজনাই দি থৈ যোৱা আন এক আপুৰুগীয়া সংস্কৃতি দিহানামক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ মন মেলিছে একাংশ শিল্পীয়ে । দিহানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কলিয়াবৰৰ বৰুৱাচুকত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় (Dihanaam World Record Preparation at Kaliabor) ।  

৬০ হাজাৰ নামতি আৰু ১০০০ খোলবাদককে ধৰি নেগেৰা, তালবাদকক একত্ৰিত হৈ Guinness Book of World Records ত অন্তৰ্ভুক্তিৰ লক্ষ্যেৰে চলাইছে প্ৰস্তুতি । সদৌ অসম সাংস্কৃতিক দিহানাম সমিতিয়ে উদ্যোগ লৈ চলিত বৰ্ষৰ নৱেম্বৰ মাহত এই কাৰ্যসূচী ৰূপায়ণৰ বাবে থিৰাং কৰিছে (Dihanaam World Record Preparation at Kaliabor) । ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত সাংগাঠনিক কাম-কাজ আৰম্ভ কৰা সংগঠনটোৱে কাৰ্যসূচী ৰূপায়ণৰ বাবে গুৱাহাটী আৰু নলবাৰীৰ যিকোনো এঠাইত Guinness Book of World Records ত স্থান লাভৰ বাবে একত্ৰিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । 

লগতে পঢ়ক: Murder case at Duliajan: জ্যেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.