Dhing police seized Narcotic tablets: ড্ৰাগছৰ বিৰুদ্ধে ধিং আৰক্ষীৰ বৃহৎ সফলতা

By

Published : Mar 22, 2023, 1:29 PM IST

thumbnail

নগাঁও, 22 মাৰ্চ : ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা অৰ্জন কৰিছে নগাঁৱৰ ধিং আৰক্ষী চকীয়ে । ধিং আৰক্ষী থানাৰ আৰক্ষীয়ে লক্ষাধিক টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰে । প্ৰাপ্ত খবৰ অনুসৰি, অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীকো আটক কৰে ধিং আৰক্ষীয়ে (Dhing police seized Narcotic tablets) । 

জানিব পৰা মতে মঙলবাৰে নিশা নগাঁৱৰ ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই মিকিৰভেটা শিলপুখুৰী অঞ্চলত । মিকিৰভেটা শিলপুখুৰী অঞ্চলৰ বাবুল হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধসহ আটক কৰে বাবুল হুছেইনক (Nagaon drugs news) । বাবুল হুছেইনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩,২০০ নিচাজাতীয় N Spas pro টেবলেট (Narcotic tablets) । জব্দ হোৱা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ ৮০ হাজাৰ টকা‌ ।

লগতে পঢ়ক : Man elephant conflict: কলিয়াবৰত নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.