Man elephant conflict: কলিয়াবৰত নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

By

Published : Mar 22, 2023, 9:39 AM IST

thumbnail

কলিয়াবৰ, 22 মাৰ্চ : কলিয়াবৰত সংঘটিত হ’ল এক বেদনাদায়ক ঘটনা ৷ আলহী খাবলৈ গৈ ঘূৰি নাহিল 40 বছৰীয়া মোহন ৷ মঙলবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে যুৱকজনে (Man elephant conflict) ৷

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, মোহন টেৰণ ফুৰিবলৈ গৈছিল পুত্ৰৰ সৈতে ৷ নিশা নিজ ঘৰলৈ বুলি আন তিনিজনৰ সৈতে চাইকেলেৰে উভতি অহা পথতেই মুখামুখি হয় বনৰীয়া হাতীৰে সৈতে ৷ হাতীয়ে আক্ৰমণ কৰি কাঢ়ি নিলে মোহন টেৰণৰ প্ৰাণ (One killed after being attacked by wild elephant) ৷ আনহাতে হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় মোহনৰ কণমানি পুত্ৰ ৷

কাৰ্বি পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীয়ে হঠাৎ লোককেইজনক সন্মুখত পাই আক্ৰমণ কৰে ৷ শালনা আৰক্ষী চকী এলেকাধীন ৰেকাপাহাৰ অঞ্চলত হঠাৎ বনৰীয়া হাতীৰে মুখামুখি হৈছিল লোককেইজন । নিহত মোহন টেৰণৰ ঘৰ বামুণী কঠাল চাঙত বুলি জানিব পৰা গৈছে ৷ 

আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে আন লোককেইজনৰ (Kaliabor elephant attack incident) । ঘটনাস্থলীত আৰক্ষীৰ লগতে শালনা বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Fake notes seized : ধুবুৰীত জাল নোট-ড্ৰাগছ জব্দসহ তিনি যুৱকক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.