Durga puja2023: অভূতপূৰ্ব ! ঐতিহাসিক শ্ৰীশ্ৰী তাম্ৰেশ্বৰী আই থানত লানি নিচিগা ভিৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 3:39 PM IST

thumbnail

জোনাই, 20 অক্টোবৰ : শুকুৰবাৰে ষষ্ঠীৰ বেদীত বহিল মা দুৰ্গা ৷ ৰাজ্যত আৰম্ভ হ’ল দুৰ্গা পূজা ৷ ধেমাজি জিলাৰ ঐতিহাসিক চিলাপথাৰৰ চিলাসূঁতিস্থিত শ্ৰীশ্ৰী তাম্ৰেশ্বৰী আই থানত ষষ্ঠীৰ দিনাৰ পৰাই ভক্তৰ যথেষ্ট সমাগম হোৱা দেখা গৈছে ৷ লোকবিশ্বাস অনুসৰি, তাম্ৰেশ্বৰী আই থানত মংগলৰ কাৰণে ভক্তই দান কৰে হাঁহ, ছাগলী, পাৰ আদি ৷

১৯০৫ চনতে স্থাপিত হোৱা এই তাম্ৰেশ্বৰী আই থানে এই বছৰত ১১৮ বৰ্ষত ভৰি থলে । অন্য বছৰৰ দৰে এইবছৰো থান পৰিচালনা সমিতিয়ে ষষ্ঠীৰ দিনা পুৱাৰ ভাগত তাম্ৰেশ্বৰী আই থানৰ প্ৰতিমূৰ্তিত ন-বস্ত্ৰ পৰিধান কৰি তীব্ৰ গতিত চলাইছে শাৰদীয় দূৰ্গা পূজাৰ প্ৰস্তুতি । উল্লেখ্য যে, লোকবিশ্বাস অনুসৰি নিজৰ একচিত্ত মনেৰে তাম্ৰেশ্বৰী আই থানত পূজা কৰিলে পূৰ্ণ হয় মনোবাঞ্ছা । থানখনত দৈনিক আগমন ঘটে বহু ভক্তপ্ৰাণ ৰাইজৰ ।

শাৰদীয় দূৰ্গা পূজাৰ এই তিনিওটা দিনত উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ পূজা অৰ্চনাৰ বাবে ব্যাপক সমাগম হোৱা দেখা যায় এই থানত । পুৰণি ৰীতি-নীতি অনুসৰি সপ্তমী দিনা নিশা বেল বলি, অষ্টমী দিনা হাঁহ, পাৰ, ছাগলী বলি দিয়া হ’ব আৰু বিজয়া দশমীৰ দিনা দেৱীক সন্তুষ্ট কৰিবলৈ ম’হ ছাগলী বলি দিয়া হ’ব । অতীজৰে পৰা অঞ্চলটোত বসবাস কৰা মিচিং, বড়ো, অসমীয়া, বঙালী, নেপালীকে ধৰি সকলো লোকে একত্ৰিতভাৱে পালন কৰি আহিছে পূজা ।

লগতে পঢ়ক : Durga Puja 2023 : ৯০ সংখ্যক বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.