HSLC 2023 result: চিকিৎসক হোৱাৰ সপোন চতুৰ্থ স্থানপ্ৰাপ্ত দেৱাংগনা ডেকাৰ

By

Published : May 22, 2023, 1:47 PM IST

thumbnail

মৰাণ, ২২ মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত চতুৰ্থ স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ দেৱাংগনা ডেকাই (4th position in HSLC 2023) । সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰি ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী দেৱাংগনা ডেকাই ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে । ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী দেৱাংগনাই নিজৰ কৃতিত্বত উৎফুল্লিত হৈ "গালে মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি । দৈনিক ৮ ঘন্টাকৈ অধ্যয়ন কৰা মেধাৱী ছাত্ৰীগৰাকীৰ এই সফলতাত উৎফুল্লিত বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীসকল ।

ইপিনে,হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে চতুৰ্থ,ষষ্ঠ,নৱম স্থানত উজলিল ডিব্ৰুগড়ৰ ছাত্ৰ-ছাত্ৰী (Top 3 of HSLC in Dibrugarh) । দুলীয়াজানৰ ছেইন্ট জেভিয়াৰ স্কুলৰ স্বাতী কিৰণ গগৈয়ে চতুৰ্থ স্থান লাভ কৰে । তদুপৰি লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বনশ্ৰী গগৈয়ে নৱম আৰু ডিব্ৰুগড় ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অক্ষয় কায়ালে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:HSLC result 2023: আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.