HSLC result 2023: আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

author img

By

Published : May 22, 2023, 8:33 AM IST

Updated : May 22, 2023, 10:04 AM IST

HSLC result

আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইসমূহ ৱেবছাইটত পাব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল....

গুৱাহাটী, 22 মে’ : আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (hslc result) ৷ পুৱা 10 বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ (hslc result 2023) ৷ ছেবাৰ ৱেবছাইটত উপলব্ধ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলসমূহ (Assam hslc result 2023) ৷ ইতিমধ্যেই শিক্ষামন্ত্ৰীয়ে তেওঁৰ টুইটাৰযোগে এই কথা ঘোষণা কৰিছে (Ranoj Pegu twitter) ৷ টুইটটোত তেওঁ ছেবাৰ ৱেবছাইটৰ উপৰিও ফলাফল উপলব্ধ হ’বলগীয়া আন ৱেবছাইটসমূহো উল্লেখ কৰি দিছে ৷ তলত ৱেবছাইটসমূহ উল্লেখ কৰা হ’ল-

  1. https://sebaonline.org
  2. http://resultsassam.mic.in
  3. http://indiaresults.com
  4. http://results.shiksha
  5. http://assam.shiksha
  6. http://exametc.com
  7. http://schools9.com
  8. http://assamresult.in
  9. http://jagranjosh.com
  10. http://vidyavision.com

উল্লেখ্য যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ 4 লাখ 23 হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল (HSLC exam 2023) ৷ অসমৰ মুঠ 912 টা কেন্দ্ৰত অনুষ্ঠিত হৈ যায় হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷

চলিত বছৰটোত বহুত উৎকণ্ঠাৰ মাজেৰে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্ত পৰে ৷ কেইবাখনো প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষকসকলক হতাশ কৰি তোলে ৷ এতিয়া ফলাফললৈ বাট চাইছে সকলোৱে ৷

Last Updated :May 22, 2023, 10:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.