INDIA vs Bharat : ’INDIA’ ৰ ভূতে খেদিছে দেশৰ প্ৰধানমন্ত্ৰীক, বিৰোধী দলপতি

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:46 PM IST

Updated : Sep 6, 2023, 2:55 PM IST

thumbnail

ডিব্ৰুগড়, 6 ছেপ্টেম্বৰ: সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলে একেলগ হৈ গঠন কৰা 'INDIA' সন্দৰ্ভত দেশৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা । তেনে সময়তে 'INDIA' নামটো সলনি কৰি ভাৰত কৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এন ডি এ চৰকাৰৰ এই সিদ্ধান্তক লৈ কংগ্ৰেছে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । 

কংগ্ৰেছৰ নেতৃত্বত 'INDIA' গঠন হোৱা বাবেই বিজেপি চৰকাৰে দেশৰ নাম 'INDIA' পৰা সলনি কৰি ভাৰত কৰিবলৈ চেষ্টা কৰিছে বুলি মৰাণত কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য কয়। কংগ্ৰেছ নেতাগৰাকীয়ে কয়, 'INDIA' ৰ ভূতে খেদিছে এতিয়া দেশৰ প্ৰধানমন্ত্ৰীক । প্ৰধানমন্ত্ৰী মোডীয়ে 'INDIA' ৰ নাম লৈ কিমান অনুষ্ঠানত আঁচনি ৰূপায়ণ কৰিলে কিন্তু কংগ্ৰেছৰ নেতৃত্বত 'INDIA' গঠন হোৱাত দেশৰ নাম তথা 'INDIA' নামটোৰ প্ৰতিয়েই ভীষণ বিতৃষ্ণা জাগিল বুলি শাসকীয় বিজেপি দলটোক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

লগতে পঢ়ক: Dhubri ASTC : ASTC ৰ মাটি বণিক গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

Last Updated : Sep 6, 2023, 2:55 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.