Dergaon road mishap: ৰোগী কঢ়িয়াই অনা চৰকাৰী এম্বুলেন্সত প্ৰচণ্ড বেগত খুন্দা আৰক্ষী বাহনৰ

By

Published : Aug 12, 2023, 10:35 AM IST

thumbnail

যোৰহাট, 12 আগষ্ট : ৰাজপথত আৰক্ষী বাহনৰ দাদাগিৰি, যান বাহন আইনৰ সকলো নীতি-নিয়ম জলাঞ্জলি দি এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী বাহনে মহতিয়াই নিলে এম্বুলেন্স ৷ অতি সংকটজনক অৱস্থাত ৰোগী কঢ়িয়াই অনা এখন চৰকাৰী এম্বুলেন্সত প্ৰচণ্ড বেগত খুন্দা মাৰে এখন আৰক্ষী বাহনে ৷

অতি সংকটজনক অৱস্থাত থকা এজন হাৰ্ট ৰোগী কঢ়িয়াই আনিছিল এখন চৰকাৰী এম্বুলেন্সে ৷ ৰোগীক চিকিৎসালয়লৈ নি থকা অৱস্থাত বিপৰীত দিশ পৰা আহি থকা আৰক্ষী বাহনে উক্ত জৰুৰীকালীন সেৱা তথা ১০৮ বাহনখনক মহতিয়াই নিয়ে, ফলত ৰোগীৰ অৱস্থা অধিক জটিল হৈ পৰে ।

উল্লেখ্য যে গোলাঘাট কুশল কোঁৱৰ হাস্পতালৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ নি থকা অৱস্থাত দেৰগাঁৱৰ গৌৰী চিনেমা হলৰ ওচৰত আৰক্ষী বাহনে মহতিয়াই নিয়ে এম্বুলেন্সখন । এই ঘটনাটো সংঘটিত কৰা আৰক্ষী বাহনখনক এম্বুলেন্সে চালকজনে ৰ’বলৈ কোৱাৰ পিচতো দেৰগাঁও আৰক্ষীৰ সন্মুখেদি অতি বীৰদৰ্পে ঘটনাস্থলীৰ পৰা গুচি যায় । আৰক্ষীৰ বাহন হোৱা বাবে যান বাহন আৰক্ষীয়ে বাধা দিয়া পৰা বিৰত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Naharkatia Road Accident: নাহৰকটীয়াৰ তিপাম দেউশালৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.