Naharkatia Road Accident: নাহৰকটীয়াৰ তিপাম দেউশালৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Aug 12, 2023, 8:53 AM IST

thumbnail

ডিব্ৰুগড়,12 আগষ্ট: নাহৰকটীয়াৰ জয়পুৰ থানাৰ অন্তর্গত তিপাম দেউশাল থানৰ কাষত ভংয়কৰ পথ দুৰ্ঘটনা ৷ শ্ৰমিক ভৰ্তি এখন বাহন দুর্ঘটনাত পতিত হয় । জানিব পৰা মতে মন্টু বুঢ়াগোহাঁইৰ নামৰ লোকজনৰ তিপাম নেপালি গাঁওস্থিত চাহ বাগান লৈ বুলি গৈ আছিল চাহ শ্ৰমিক ভৰ্তি বাহনখন ৷ প্ৰায় ১৫ জনৰো অধিক শ্ৰমিক আছিল বাহনখনত ৷ দুৰ্ঘটনাৰ ফলত এজন শ্ৰমিক নিহত হোৱাৰ লগতে 14 জনকৈ শ্ৰমিক আহত হয় ৷ নিহত  শ্ৰমিকজন সনজা গোৱালা বুলি জানিব পৰা গৈছে ৷  

ঘটনা অনুসৰি AS23AC5291 নম্বৰৰ বাহনখনে শ্ৰমিকক কঢ়িয়াই লৈ যোৱাৰ সময়তে ৰাজপথত থকা এটা গৰু খুন্দা মাৰি পথৰ কাষত বাগৰি পৰে তীব্ৰবেগী বাহনখন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত জয়পুৰ আৰক্ষী উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি কৰি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। 

লগতে পঢ়ক:Traffic Congestion: তীব্ৰ যানজঁট; পদপথৰ ব্যৱসায়ীক কঠোৰ সকীয়নি মৰাণ ৰাজহ চক্ৰ বিষয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.