Mysterious death of home guard: কৰ্মৰত অৱস্থাত ৰহস্যজনক মৃত্যু গৃহৰক্ষী বাহিনীৰ জোৱানৰ

By

Published : Apr 21, 2023, 5:51 PM IST

thumbnail

মৰাণ, 21 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ  দুলীয়াজানৰ মাজমজিয়াত এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Mysterious death of  a home guard jawan) ৷  উদ্ধাৰ হোৱা মৃতদেহটো টিংখাং দিল্লীবাৰী অঞ্চলৰ পুলিন গগৈৰ বুলি জানিব পৰা গৈছে । দুলীয়াজান অইল মাৰ্কেটত কৰ্মৰত অৱস্থাত আছিল জোৱানগৰাকী। কৰ্তব্যৰত অৱস্থাতেই ৰহস্যজনকভাৱে মৃত্যু হয় জোৱানজনৰ (home guard body recovered) ৷   

স্থানীয় ৰাইজে জোৱানজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । এই খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে (home guard jawan death at Duliajan) । 

এই পৰ্যন্ত জোৱানগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই  ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইফালে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা পুলিন গগৈৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনাইছে ডিব্ৰুগড় জিলাৰ গৃহৰক্ষী জোৱানৰ সন্থাই ।

লগতে পঢ়ক: Firing in Saket court: অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই গুলীয়ালে মহিলাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.