বকোৰ ছমৰীয়া সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

By

Published : Sep 15, 2022, 7:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি (426th Death anniversary of Madhavdev)। বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে গুৰুজনাক । হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ তথা নামঘৰসমূহ । ব্যতিক্ৰম নহয় বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰও(Death anniversary of Madhavdev in Samaria satra)। এই সত্ৰখনতো উদযাপন কৰা হ'ল মহাপুৰুষজনাৰ তিৰোভাৱ তিথি । উল্লেখ্য় যে মহাপুৰুষজনাৰ নিৰ্দেশ মৰ্মে তেওঁৰ প্ৰিয় শিষ্য বৰবিষ্ণু আতাই ১৫৮৮ খ্ৰীষ্টাব্দত ছমৰীয়া সত্ৰ স্থাপন কৰিছিল । ছমৰীয়া সত্ৰত চাৰিহাটীৰ ৰাইজে পুৱাৰে পৰা নাম কীৰ্তন আৰু ভোজন বিহাৰ নাট প্ৰদৰ্শনেৰে উদযাপন কৰে মহাপুৰুষজনাৰ তিৰোভাব তিথি । অৱশ্য়ে এই তিথিৰ লগত সংগতি ৰাখি প্ৰতি বছৰে অনুষ্ঠিত কৰা নাওঁখেল প্ৰতিযোগিতাখন সাময়িকভাবে স্থগিত ৰাখে ৰাইজে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.