চাহ বাগিচাৰ মাজত উদ্ধাৰ মৃতদেহ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 12:35 PM IST

thumbnail

টীয়ক, 4 ডিচেম্বৰ: যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত চেনীজানত অঘটন ৷ সোমবাৰে পুৱাই টীয়কৰ চেনীজানৰ মইনাভেটা চাহ বাগিচাৰ মাজত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ মৃত লোকজন চেনীজানৰ দক্ষিণ হাতীচুংগী গাঁৱৰ তপন বৰুৱা নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে ৷ কি কাৰণে এইদৰে বাগিচাৰ মাজত লোকজনৰ মৃত্যু হ’ল তাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা নাই ৷

ইফালে ব্যক্তিজনক কোনো অচিনাকী দুৰ্বৃত্তই হত্যা কৰি বাইকখন লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজে। ইতিমধ্যে স্থানীয় লোকে লাহদৈগড় আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিছে ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ 

সম্প্ৰতি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে লোকজনৰ মৃত্যুৰ প্ৰকৃত পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

লগতে পঢ়ক: ড্ৰাগছ সৰবৰাহকাৰীৰে আৰক্ষীৰ গুলীয়াগুলী; এটা সৰবৰাহকাৰী নিহত; আহত দুটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.