ড্ৰাগছ সৰবৰাহকাৰীৰে আৰক্ষীৰ গুলীয়াগুলী; এটা সৰবৰাহকাৰী নিহত; আহত দুটা

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 5:25 PM IST

thumbnail

গুৱাহাটী, 3 ডিচেম্বৰ: পুনৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষীৰ মাৰণাস্ত্ৰই ৷ দেওবাৰে কামৰূপৰ আগিয়াঠুৰীত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী চালাম আলী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এখন AS 01 FQ 8535 ছুইফ্ট বাহনেৰে তিনিজনীয়া ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো আহি আছিল । আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীলৈ গুলীবৰ্ষণ কৰে ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে । আনহাতে ছুইফ্ট বাহনখনে আৰক্ষীৰ বেহু ভেদি পলাবলৈ লওঁতেই ৰাজপথত আন কেইবাখনো বাহন মহতিয়াই লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

এই ঘটনাত আৰক্ষীৰ গুলীত দুই সৰবৰাহকাৰী নুৰ ইছলাম আৰু হিৰণ্য ঠাকুৰীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়  ৷ এই গুলীয়াগুলীৰ ঘটনাত এগৰাকী সাধাৰণ লোকৰ গাটো গুলী লাগিছে বুলি জানিবলৈ পৰা গৈছে ৷ এই ঘটনাত ৰেবতী ভৰালী নামৰ এগৰাকী সাধাৰণ মহিলাও গুৰুতৰভাৱে আহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি আহত সৰবৰাহকাৰীসহ মহিলাগৰাকীক অমিনগাঁৱৰ তুলাৰাম বাফনা মেডিকেলত ভৰ্তি কৰোৱা হৈছে ৷ 

লগতে পঢ়ক: গুৱাহাটীৰ ভূমিৰ নথি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.