Dead body recovered: লখিমপুৰৰ ডিজু চাপৰিৰ ধাননি পথাৰত মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 5:05 PM IST

thumbnail

লখিমপুৰ, 1 অক্টোবৰ : লখিমপুৰ নগৰৰ নাতি দুৰৈৰ ডিজু চাপৰিত দেওবাৰে ধাননি পথাৰৰ মাজত এটা মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, লখিমপুৰ জিলাৰ চিলনীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ডিজু চাপৰিত ধাননি পথাৰৰ মাজত দশৰথ মুণ্ডা (52) নামৰ এজন লোকৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয়। পুৱা গাঁৱৰ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ খবৰ পোৱাৰ পিচতে গাঁওৰক্ষী বাহিনীয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ 

স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, যোৱা 7 বছৰ ধৰি ডিজু চাপৰিৰ বাহাদুৰ টামাঙৰ গৃহত দশৰথ মুণ্ডাই শ্ৰমিক হিচাপে আছিল বুলি জানিব পৰা গৈছে । কিন্তু যোৱা তিনি দিনৰ পৰা দশৰথ মুণ্ডা নিৰুদ্দেশ হৈ আছিল ৷ 

তাৰ পিচৰে পৰা, বাহাদুৰ টামাঙৰ পৰিয়ালে লোকজনৰ বিচাৰ খোচাৰ কৰে যদিও সন্ধান পোৱা নাছিল । অৱশেষত দেওবাৰে দশৰথৰ মৃতদেহটো ধাননি পথাৰত উদ্ধাৰ হয় । মৃতদেহটো কিছু পৰিমাণে উৱলি যাবলৈ ধৰাৰ বাবে নিৰুদ্দেশৰ দিনাই তেওঁৰ মৃত্যু হয় বুলি আশংকা কৰা হৈছে । 

কি পৰিস্থিতিত কেনেকৈ দশৰথৰ মৃত্যু হ’ল সেইয়া পোহৰলৈ অহা নাই । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Suspected murder in Barpeta: বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.