ETV Bharat / state

Suspected murder in Barpeta: বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:15 PM IST

হত্যা নে আত্মহত্যা ! বৰপেটা চহৰৰ তেতেলীৰতল গাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ স্বামীসহ পৰিয়ালৰ ৯ সদস্যৰ বিৰুদ্ধে এজাহাৰ । বৰ্তমানো পলাতক স্বামীৰ পৰিয়ালৰ লোক ।

Mysterious death of women in Barpeta
বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

বৰপেটাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

বৰপেটা,১ অক্টোবৰ: ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই সততে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই । এইবাৰ বৰপেটা চহৰৰ তেতেলীৰ তল গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ স্বামী পৰিয়ালৰ লোকে বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী কৰাৰ বিপৰীতে পিতৃ পৰিয়ালে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে ৷ লক্ষ্যণীয়ভাৱে বোৱাৰীগৰাকীৰ স্বামীসহ পৰিয়ালৰ সকলো সদস্য পলাতক হৈ থকাত ঘটনাতো অধিক ৰহস্যজনক হৈ পৰিছে ৷

অভিযোগ অনুসৰি তিনিবছৰ পূৰ্বে আছাদুল ইছলামৰে বিবাহপাশত আৱদ্ধ হোৱা বোৱাৰীগৰাকীৰ স্বামীয়ে ডেৰ বছৰ পূৰ্বেও আন এগৰাকী যুৱতীক বিবাহ কৰাইছিল ৷ অৱশ্যে প্ৰথমা পত্নীক তালাক দিছিল যদিও তেওঁৰ লগত সম্পৰ্ক আছিল স্বামীৰ ৷ ইয়াৰ পিছৰ পৰাই সূত্ৰপাত হৈছিল কন্দলৰ ৷ তাৰপিছতে ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় বোৱাৰীগৰাকীৰ ৷ বোৱাৰীগৰাকীয়ে চীপ লৈ আত্মহত্যা কৰা বুলি দাবী কৰিলেও মৃত বোৱাৰীগৰাকীৰ ডিঙিত কোনো আঘাতৰ চিন পোৱা নাই বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

তাৰোপৰি চীপ লৈ থকাৰ পৰৱৰ্তে শুৱাই থোৱা হৈছিল বোৱাৰীগৰাকীক ৷ তেওঁৰ স্বামী আছাদুল ইছলাম আৰু তেওঁৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ মুঠ ৯ সদস্যৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ সম্প্ৰতি বোৱাৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বৰপেটা আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব আচলতে কেনেদৰে মৃত্যু হ'ল বোৱাৰীগৰাকীৰ ৷ ইফালে বোৱাৰী গৰাকীৰ মৃত্যুক লৈ অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্য ৷

লগতে পঢ়ক: Kendriya karam sanmilan : তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.