Dead Body Recovered : জামুগুৰিহাটৰ টৌভঙাত ৰে’ল আলিত উদ্ধাৰ খণ্ড-বিখণ্ড মৃতদেহ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 9:46 PM IST

thumbnail

চতিয়া, 28 অক্টোবৰ : জামুগুৰিহাটৰ টৌভঙাত ৰে’লৰ ছিৰিত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জিনছ পেণ্ট আৰু টি চাৰ্ট পৰিহিত মৃতদেহটো প্ৰায় ত্ৰিশ বছৰীয়া যুৱকৰ বুলি অনুমান কৰা হৈছে ৷ কিন্তু যুৱকজনৰ কেনেকৈ মৃত্যু ঘটিল সেই কথা জানিব পৰা হোৱা নাই যদিও নিশাৰ ভাগত ৰে’লৰ চেপাত মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

শনিবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি জামুগুৰি আৰক্ষী আৰু ৰে’লৱে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে চিন্ন-ভিন্ন অৱস্থাত থকা মৃতদেহটো উদ্ধাৰ কৰে ৷ এই ঘটনাই বৰ্তমান অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 

লগতে পঢ়ক : Fire Incident in Dibrugarh : লক্ষ্মী পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ৰ কালিবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.