Fire Incident in Dibrugarh : লক্ষ্মী পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ৰ কালিবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 9:09 PM IST

thumbnail

ডিব্ৰুগড়, 28 অক্টোবৰ :  লক্ষ্মী পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ কালিবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ অগ্নিকাণ্ডত জাহ গ'ল প্ৰায় 20 টাতকৈও অধিক বাসগৃহ ৷ বৰ্তমানেও অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷

ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ 4 খন বাহনে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই ৷ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও 5 টাৰো অধিক চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত জুইৰ প্ৰকোপ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷ পূজাৰ আনন্দ-উলাহৰ মাজতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই ডিব্ৰুগড়ত আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ 

লগতে পঢ়ক : Protest in NHPC: গেৰুকামুখত নদীবান্ধৰ বিৰুদ্ধে KMSS ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.