Encounter in Hojai: হোজাইৰ কপাহবাৰীত আৰক্ষীৰ গুলীত আহত দুধৰ্ষ ডকাইত

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:41 PM IST

thumbnail

হোজাই, 29 অক্টোবৰ : হোজাইৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কপাহবাৰীৰ সমীপত শনিবাৰে নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে আৰক্ষীৰ নিয়মীয়া তহলৰ সময়ত কপাহবাৰী পথেৰে আহি অৱস্থাত এজন যুৱকক আৰক্ষীয়ে ৰ’বলৈ কওঁতেই তেওঁ পথাৰৰ দিশে পলাবলৈ কৰে চেষ্টা ৷

তেনেতে ব্যক্তিজনৰ পিছে পিছে যাওঁতে আৰক্ষীলৈ বুলি যুৱকজনে নিক্ষেপ কৰে এজাঁই গুলী ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে ততাতয়াকৈ যুৱকজনলৈ লক্ষ্য কৰি দুজাঁই গুলী নিক্ষেপ কৰে ৷ আৰক্ষীৰ গুলীৰ আঘাতত যুৱকজন পথৰ কাষত পৰি যায় ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি গুলীবিদ্ধ যুৱকজনৰ নাম ছাইদুল আলম ৷ ছাইদুল আলম এটা কুখ্যাত ডকাইত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ছাইদুলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 এম এমৰ এটা পিষ্টল, এজাঁই সজীৱ গুলী, খালী কাৰ্টিজসহ এডাল ৰ'ড ৷ নিশাই ছাইদুল আলমক হোজাইৰ হাম চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ পূৰ্বেও ছাইদুল আলম অপৰাধজনিত কামত নিয়োজিত আছিল বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক : Kinnar death case update : আৰক্ষীৰ হাতত CCTV ভিজুৱেল, 28 অক্টোবৰত কি হৈছিল মহানগৰীত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.