ETV Bharat / state

Kinnar death case update : আৰক্ষীৰ হাতত CCTV ভিজুৱেল, 28 অক্টোবৰত কি হৈছিল মহানগৰীত ?

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 1:59 PM IST

Kinnar death case update
মহানগৰীত কিন্ন হত্যা ঘটনাৰ নতুন মোৰ

মহানগৰীত কিন্ন হত্যা ঘটনাৰ নতুন মোৰ ৷ আৰক্ষীৰ হাতত আহি পৰিছে CCTV ভিজুৱেল । চিচিটিভি ভিজুৱেল অনুসৰি এখন স্কুটীৰে দুজন লোকে লৈ আহিছিল কিন্নৰগৰাকীৰ মৃতদেহটো ৷ জানক সবিশেষ...

মহানগৰীত কিন্ন হত্যা ঘটনাৰ নতুন মোৰ

গুৱাহাটী, ২৯ অক্টোবৰ: শনিবাৰে চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ নলাত এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল এগৰাকী কিন্নৰৰ মৃতদেহ । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে চানমাৰি আৰক্ষীক । পিচত ঘটনাস্থলীত চানমাৰি আৰক্ষী আৰু চি আই ডিৰ ফৰেনচিকৰ দলে স্নিফাৰ ডগক লৈ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । উদ্ধাৰ হোৱা বস্তাটো খুলি কিন্নৰৰ মৃতদেহ বুলি আৰক্ষী নিশ্চিত কৰে ।

ৰঙা ৰঙৰ মেক্সি পৰিধান কৰা কিন্নৰগৰাকীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল । মৃত কিন্নৰ গৰাকীৰ বয়স প্ৰায় ৩৫-৪০ বছৰ । মৃত কিন্নৰগৰাকীক দুৰ্বৃত্তই অন্য স্থানত হত্যা কৰি চান্দমাৰীত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইয়াৰ পিচতে কিন্নৰগৰাকীৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে চান্দমাৰী আৰক্ষীয়ে ।

সম্প্ৰতি আৰক্ষীৰ হাতত আহি পৰিছে CCTV ভিজুৱেল । চিচিটিভি ভিজুৱেল অনুসৰি এখন স্কুটীৰে দুজন লোকে লৈ আহিছিল কিন্নৰগৰাকীৰ মৃতদেহটো । মৃতদেহটো পেলোৱাৰ পূৰ্বে সেই দুজন লোকে বহু সময় চাইছিল চাৰিওদিশ । কোনো নথকাৰ সুযোগ লৈ মৃতদেহটো পেলাই দিছিল নলাত । নিশা প্ৰায় ১২ বজাত পেলাই দিছিল মৃতদেহটো । বৰ্তমান মৃতদেহ পেলাই দিয়া দুজন লোকৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইপিনে চান্দমাৰী থানাত উপস্থিত হৈছে হত্যাৰ বলি হোৱা তৃতীয় লিংগ আমদাদুলৰ মাতৃ । ১২ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে চানমাৰী থানাত উপস্থিত হয় মাতৃ । ৰজি, মহিমা, ৰাধাই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ । মহিমাৰ নেতৃত্বত কিন্নৰগৰাকীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ পৰিয়ালৰ । পূৰ্বৰ পৰাই মৃত আমদাদুলৰ চিনাকি আছিল ৩ কিন্নৰৰ সৈতে ।

২৫ দিন পূৰ্বে কেৰেলালৈ যাম বুলি আমদাদুলে ঘৰৰ লোকক অৱগত কৰিছিল । নিজা ঘৰত থকা সময়ত আমদাদুলে পৰিধান কৰিছিল পুৰুষৰ বস্ত্ৰ । গুৱাহাটীলৈ আহি নিজকে ৩য় লিংগ বুলি নিজকে পৰিচয় দিছিল মৃত আমদাদুলে । ৰজিৰ ঘৰ নগাঁৱত, মহিমাৰ ঘৰ গুৱাহাটীত আৰু ৰাধাৰ ঘৰ জখলাবন্ধাত বুলি মাতৃগৰাকীয়ে জানিবলৈ দিয়ে ।

ইয়াৰ সমান্তৰালকৈ মাতৃয়ে কোৱা তিনি কিন্নৰৰ সন্ধানত নামি পৰিছে আৰক্ষী । সম্প্ৰতি ইজনৰ পিচত সিজন কিন্নৰক সোধাপোছা অব্যাহত ৰাখিছে চান্দমাৰী আৰক্ষীয়ে ।

লগতে পঢ়ক: Crime in Guwahati: গুৱাহাটীত একেদিনাই ওলাল দুটাকৈ মৃতদেহ, বস্তাত কিন্নৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.