ETV Bharat / state

Crime in Guwahati: গুৱাহাটীত একেদিনাই ওলাল দুটাকৈ মৃতদেহ, বস্তাত কিন্নৰৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:36 PM IST

লক্ষ্মী পূজাৰ দিনাই মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ । অট'ত যুৱকৰ মৃতদেহ উদ্ধাৰ । চানমাৰিত বস্তাত উদ্ধাৰ কিন্নৰৰ মৃতদেহ ।

Crime city Guwahati
অপৰাধ নগৰীলৈ পৰ্যবসিত গুৱাহাটী

অপৰাধ নগৰীলৈ পৰ্যবসিত গুৱাহাটী

গুৱাহাটী, ২৯ অক্টোবৰ: অপৰাধ নগৰীলৈ যেন পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী । পবিত্ৰ লক্ষ্মী পূজাৰ দিনাই মহানগৰীৰ পল্টন বজাৰ আৰু চানমাৰিত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে,গুৱাহাটী মহানগৰীৰ উজান বজাৰত শিৱৰাম পথত এখন অট'ত ৰূপম দাস নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । উল্লেখ্য় যে ৰূপম দাস নামৰ যুৱকজনৰ ঘৰ খাৰঘুলি বেলতলত ।

ড্ৰাগছ আসক্ত ৰূপম ৬ মাহ পূৰ্বে আছিল এটা ৰিহেব চেণ্টাৰত । দুৰ্গা পূজাৰ বাবে মাকে পূজাত ঘৰলৈ লৈ আনিছিল ৰূপমক । কালি ৪ বজাত ঘৰৰ পৰা ওলাই অহাৰ পিছত সন্ধানহীন হৈ আছিল ৰূপম । আজি এখন অট'ত ৰূপম দাসৰ মৃতদেহ উদ্ধাৰ কৰা হয় । পৰিয়ালৰ সন্দেহ ৰূপমক পৰিকল্পিত ভাবে কোনো লোকে হত্যা কৰিছে ।

ইফালে,চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ নলাত এটা বস্তাৰ ভিতৰত উদ্ধাৰ হয় কিন্নৰৰ মৃতদেহ । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে চানমাৰি আৰক্ষীক । পিচত ঘটনাস্থলীত চানমাৰি আৰক্ষী আৰু চি আই ডিৰ ফৰেনচিকৰ দলে স্নিফাৰ ডগক লৈ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । উদ্ধাৰ হোৱা বস্তাটো খুলি কিন্নৰৰ মৃতদেহ বুলি আৰক্ষী নিশ্চিত কৰে । ৰঙা ৰঙৰ মেক্সি পৰিধান কৰা কিন্নৰ গৰাকীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । মৃত কিন্নৰ গৰাকীৰ বয়স প্ৰায় ৩৫-৪০ বছৰ । মৃত কিন্নৰ গৰাকীক দুৰ্বৃত্তই অন্য স্থানত হত্যা কৰি চানমাৰিত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিচতো বিগত কেইটামান মাহত গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হত্যাৰ ঘটনা ৷ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি দাবী জনাই আহিছে যদিও এইদৰে সঘনাই সংঘটিত হৈ থকা হত্যাৰ ঘটনাই চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক:Agricultural Marketing Board : এঘাৰ মাহৰ দৰমহা পোৱা নাই ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.