Oil leakage at Duliajan: দুলীয়াজানত পাইপ ফাটি নিৰ্গমন খাৰুৱা তেলৰ; কাণষাৰ নাই বিভাগৰ

By

Published : Mar 28, 2023, 9:25 PM IST

thumbnail

মৰাণ, 28 মাৰ্চ:  তৈল নগৰীখ্যাত ডিব্ৰুগড় জিলাৰ দুলীয়াজনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Oil leakage case in Dibrugarh) ৷ দুলীয়াজানত অইলৰ তেল পৰিবাহী পাইপ ফাটি নিৰ্গমন হৈছে খাৰুৱা তেল ৷ নিশাৰ পৰাই ভয়াৱহ গতিত নিৰ্গমণ হৈছে খাৰুৱা তেল (Oil leakage at Duliajan) ৷ এই ঘটনাৰ পিচতে দুলীয়াজানৰ বৰাগাধৈত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ খাৰুৱা তেল নিৰ্গমন হোৱাৰ পিচতেই আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

ওৰে নিশা খাৰুৱা তেল নিৰ্গমন হোৱাৰ ফলত দুলীয়াজানৰ টিপলিং পথৰ কাষত সিঁচৰতি হৈ পৰিছে খাৰুৱা তেল ৷ ইতিমধ্যে অইল কৰ্তৃপক্ষই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে যদিও ৰাইজে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷  

স্থানীয় লোকে অভিযোগ উত্থাপন কৰা অনুসৰি পুৰণি পাইপৰ দ্বাৰা অইল কৰ্তৃপক্ষই তেল পৰিবহন কৰি থকা বাবে এই ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ পূৰ্বেও দুলীয়াজানত অনুৰূপ ঘটনা সংঘটিত হৈছিল যদিও পুৰণি পাইপসমূহ মেৰামতি কৰাৰ বাবে অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ তাৰ ফলশ্ৰুতিতেই এই ঘটনা পুনৰাই সংঘটিত হৈছে বুলি অভিযোগ কৰে স্থানীয় লোকে ৷  

লগতে পঢ়ক: AIIMS worker death: চাংসাৰিৰ এইমছত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.