AIIMS worker death: চাংসাৰিৰ এইমছত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

By

Published : Mar 28, 2023, 5:25 PM IST

thumbnail

চাংসাৰি, 28 মাৰ্চ: ইতিমধ্যে প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হোৱা চাংসাৰিৰ এইমছত অঘটন (Aiims incident) ৷ কৰ্তব্যৰত অৱস্থাত মেচিনৰ হেঁচাত থিতাতে নিহত হয় এজন শ্ৰমিক ৷ ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে চাৰিজন শ্ৰমিক লগত লৈ এখন কণ্টেইনাৰৰ পৰা চিকিৎসালয়খনৰ মেচিনাৰী সামগ্ৰী নমোৱাৰ সময়তে মেচিনটোৱে এজন শ্ৰমিকক হেঁচা মাৰি ধৰে ৷ 

এই ঘটনাত তিনিজন শ্ৰমিকৰ কোনো ক্ষয়ক্ষতি নহয় যদিও এগৰাকী শ্ৰমিকৰ ঘটনাস্থলীতেই মৃত্যু হয় (Worker death in AIIMS)৷ নিহত ব্যক্তিজন বিহাৰৰ কামেশ্বৰ প্ৰসাদ সিং বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ লখৰা জ্যোতিকুছিত অস্থায়ীভাৱে পৰিয়ালসহ বাস কৰি আছিল কামেশ্বৰ প্ৰসাদ সিঙে (Worker death in AIIMS Guwahati) ৷  

উল্লেখ্য যে, সামগ্ৰী কঢ়িওৱা হাইড্ৰ’ ব্যৱহাৰ নকৰি শ্ৰমিকৰ দ্বাৰা বৃহৎ ওজনৰ মেচিনটো দাঙি নিব বিচৰাৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি শ্ৰমিকে অভিযোগ উত্থাপন কৰে ৷ ইফালে সমগ্ৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত উপস্থিত সাংবাদিকক বাধা প্ৰদান কৰে এইমছৰ নিৰাপত্তাৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাস্থলীত চাংসাৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷  

প্ৰত্যক্ষদৰ্শী শ্ৰমিকৰ ভাষ্য অনুসৰি উক্ত মেচিনাৰী সামগ্ৰীখিনি চণ্ডীগড়ৰপৰা লখৰা জ্যোতিকুছিলৈ লৈ অনাৰ পিচত আজি HR-37D- 5189 নম্বৰৰ এখন কণ্টেইনাৰেৰে এইমছলৈ লৈ অহা হৈছিল ৷  

লগতে পঢ়ক: MGNREGA Scam : কলগাছিয়াত এমজি এনৰেগাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.