ETV Bharat / state

MGNREGA Scam : কলগাছিয়াত এমজি এনৰেগাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Mar 28, 2023, 1:24 PM IST

বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলগাছিয়া গাঁও পঞ্চায়তত এমজি এনৰেগাৰ কামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ (MGNREGA scam in Kalgachia Barpeta) । নামমাত্ৰ কাম কৰি বাকী টকা আত্মসাত কৰাৰ অভিযোগ । তদন্তমৰ্মে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ।

MGNREGA
MGNREGA

কলগাছিয়াত এমজি এনৰেগা আঁচনিত দুৰ্নীতিৰ অভিযোগ

জনীয়া, ২৮ মাৰ্চ : বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলগাছিয়া গাঁও পঞ্চায়তৰ এমজি এনৰেগা আঁচনি ৰূপায়ণত বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে (MGNREGA scam in Kalgachia Barpeta) । ২০২০/২১ বিত্তীয় বৰ্ষত পঞ্চায়তটোৰ কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত মাটি পেলোৱাৰ (Earth Filling) বাবদ এমজি এনৰেগা আঁচনিৰ জৰিয়তে ১৯ লাখ ৯১ হাজাৰ ১৫ টকা আৱণ্টন দিয়ে (Corruption in MGNREGA scheme in Barpeta) ।

কিছু দিনৰ পৰা ৰূপসী উন্নয়ন খণ্ডৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে পুৱাৰ ভাগত নামমাত্ৰ কামত নিয়োজিত হৈ আছে বুলি বিভাগীয় কৰ্তৃপক্ষক দেখুৱাবলৈ ফটো ল'বলৈ কিছু শ্রমিক প্ৰদৰ্শন কৰে আৰু আবেলি সময়ত ফটো লৈ কাম কৰি আছে বুলি তথ্য দাখিল কৰি থকা দেখিবলৈ পোৱা যায় । কামৰ নমুনা সাংবাদিকৰ কেমেৰাত সম্পূৰ্ণৰূপে বন্দী হৈছে । উল্লেখ্য যে প্ৰত্যেক বছৰে বৰষুণৰ সময়ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ।

যাৰ ফলত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ আবাসসমূহত বৰষুণৰ পানীয়ে বহু ক্ষয়-ক্ষতি কৰা দেখা যায় । সেয়ে বিভাগীয় কৰ্তৃপক্ষই MGNREGA আচঁনিৰ জৰিয়তে ১৯ লাখ ৯১ হাজাৰ ১৫ টকা আৱণ্টন দিয়ে । কিন্তু নামমাত্ৰ কাম কৰি মাত্ৰ ৫-৬ লাখ টকাৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰে একাংশই । ফলত ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কামৰ নামত সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (demanding enquiry of MGNGREGA corruption) । এই বিয়াগোম দুৰ্নীতিৰ লগত আৰু কোন কোন চৰকাৰী বিষয়া জড়িত আছে তাৰ তদন্তমৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে ।

উল্লেখ্য যে বৰপেটা জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ অন্তৰ্গত কেতবোৰ পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে । বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু এনৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ কথা সময়ে সময়ে পোহৰলৈ আহিছে । আনহাতে, উপযুক্ত হিতাধিকাৰীয়ে চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ আছে বৰপেটা জিলাত ।

লগতে পঢ়ক :Assam Gamosa Controversy: বাংলা সাহিত্য সভাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.