Assam Gamosa Controversy: বাংলা সাহিত্য সভাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল

By

Published : Mar 28, 2023, 8:21 AM IST

thumbnail

নলবাৰী : 28 মাৰ্চ: অসমীয়াৰ স্বাভিমান গামোচাক চৰকাৰী পৃষ্ঠপোষকতাত বিকৃত কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু বিতৰ্ক ৷ এই কাৰ্যক একেমুখে ধিক্কাৰ দিছে সকলোৱে ৷ এইবাৰ গামোচাক বিকৃত কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল হ'ল নলবাৰীত ৷ (Assamese Gamosa controversy) ৷

নলবাৰীৰ সদৰ আৰক্ষী থানাত বাংলা সাহিত্য সভা অসমৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ গামোচাক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগত সোমবাৰে নলবাৰী সদৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷ নলবাৰীৰ কেইজনমান সচেতন ব্যক্তিয়ে বাংলা সাহিত্য সভা অসমৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ (FIR against Bangla Sahitya Sabha Assam) ৷ 

সোমবাৰে নলবাৰীৰ সচেতন ব্যক্তি তথা মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী, অধিবক্তা আমিৰুল ইছলাম আৰু বিশিষ্ট কবি ব্ৰজেন বৰ্মণে অসমীয়াৰ স্বাভিমান গামোচাক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগত বাংলা সাহিত্য সভা অসমৰ ওপৰত নলবাৰী সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ (FIR against Bangla Sahitya Sabha in Nalbari) ৷  

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.