CRPF Jawan death: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা CRPF জোৱানক

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:46 PM IST

Updated : Sep 6, 2023, 10:42 PM IST

thumbnail

তিনিচুকীয়া, ৬ ছেপ্টেম্বৰ: অসম-অৰুণাচল সীমান্ত বৰডুমছাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ বুধবাৰে কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কৰে এগৰাকী CRPF ৰ জোৱানক ৷ আহত CRPF ৰ জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয়ত মৃত্যু হৈছে CRPF ৰ জোৱান গৰাকী ৷

জানিব পৰামতে, অৰুণাচল-অসমৰ সীমান্ত গেট পাৰ হৈ বৰডুমচাত সন্ধিয়া অসামৰিক পোছাকত বজাৰ কৰিবলৈ আহিছিল CRPFৰ জোৱান গৰাকীয়ে ৷ বজাৰ কৰি থকা সময়তে মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জোৱানজনক ৷ 

উক্ত ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বৰডুমছা অঞ্চলটোত ৷ CRPFৰ জোৱান গৰাকীৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বাতৰি লিখা সময়লৈকে জোৱানজনক হত্যা কৰা দুই দুৰ্বৃত্তৰ ফটো পোহৰলৈ আহিছে ৷ 

লগতে পঢ়ক: Nuh Violence Update : হিংসাৰ পাছত ছাত্ৰ-ছাত্ৰী শূণ্য নুহৰ বিদ্যালয়

Last Updated : Sep 6, 2023, 10:42 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.