Mission Amrit Sarovar Scheme: সৰোবৰৰ পাৰ ভাঙি বুঢ়ীদিহিঙত বিলীন অমৃত; চৰকাৰী টকাৰ সোৱাদ ল’লে কোনে ?

By

Published : Aug 17, 2023, 1:47 PM IST

thumbnail

ডিব্ৰুগড়,17 আগষ্ট: অমৃত সৰোবৰ পুখুৰী খন্দাৰ নামত পকেট গৰম হ’ল ঠিকাদাৰৰ ৷ কিন্তু ৰাইজে নাপালে অমৃত ৷ সৰোবৰৰ পাৰ খহি অমৃত উটি গ’ল নদীৰ বুকুত ৷ ঘটনা মৰাণৰ ৷ অমৃত সৰোবৰ আচঁনিৰ ৰূপায়ন বাবে ৰাজ্য চৰকাৰ তৎপৰ হৈছে ঠিকেই, কিন্তু একাংশ ঠিকাদাৰে বুমেৰাং কৰি পেলাই চৰকাৰে সৎ চিন্তাৰে লোৱা আঁ‌চনিসমূহ । তেনে এক দৃশ্যই দেখিবলৈ পোৱা গৈছে মৰাণ সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত হালধিবাৰীৰ ২ নং দিহিঙীয়া গাঁৱত ।  

অমৃত সৰোবৰ আঁচনিৰ অধীনত এটা পুখুৰী খন্দা হৈছিল ২ নং দিহিঙীয়া গাঁৱৰ বুঢ়ীদিহিঙৰ এৰাসূঁতিত । কেইবা লাখ টকা ব্যয়েৰে খন্দা পুখুৰীটো আধা অংশ খন্দাৰ পিচতে খহি পৰিল পুখুৰীৰ পাৰ । পুখুৰীটোৰ পাৰ কেৱল বালিৰে সজাৰ বাবে বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৷ 

ফলত চৰকাৰী ধন অপচয়ৰ অভিযোগ তোলে স্থানীয় ৰাইজে ৷ যাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ আনহাতে, বছৰি বানপানী হোৱা ঠাইডোখৰত পুখুৰী খান্দিবলৈ কোন চৰকাৰী বিষয়াই অনুমতি দিলে বুলিও ৰাইজে প্ৰশেন কৰিছে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াত চৰকাৰী ধন আত্মসাতৰ অভিসন্ধি বুলি ৰাইজে মন্তব্য কৰিছে ।

লগতে পঢ়ক: Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক তালাচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.