Constituency Delimitation 2023; মাজুলীক কিয় এৰি দিয়াৰ মন নাছিল সাংসদ প্ৰদানৰ

By

Published : Jul 3, 2023, 3:56 PM IST

thumbnail

মাজুলী,3 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পর্কত ৰাজনৈতিক-অৰাজনৈতিক দলসমূহৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পর্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পাচত সাংসদ প্ৰদান বৰুৱাই মাজুলী বিধানসভা সমষ্টি হেৰুৱাই আক্ষেপ প্ৰকাশ কৰিছে ৷ 

‘মোৰ ব্যক্তিগত কথা মই মাজুলীক এৰিবলৈ মন নাছিল ৷ কিন্তু নিৰ্বাচন আয়োগে ভালৰ কাৰণে সিদ্ধান্ত লৈছে ৷ বিৰোধীৰ আপত্তি থাকিলে নিৰ্বাচন আয়োগৰ দল আহিব তেতিয়া তেওঁলোকক আপত্তি দিলে ভাল ৷’ এই মন্তব্য প্ৰকাশ কৰিছে সাংসদ প্ৰদান বৰুৱাই ৷ উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনত মাজুলী বিধানসভা সমষ্টিটো লখিমপুৰ লোকসভা সমষ্টিৰ পৰা কৰ্তন কৰি যোৰহাট লোকসভা সমষ্টিৰ লগত সংযোগ কৰাত মাজুলীৰ একাংশ লোকে বিৰোধিতা কৰি আহিছে ৷  

লগতে পঢ়ক:Brahmaputra Erosion: মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.