Manas Bora slams Himanta Biswa Sarma: কংগ্ৰেছে INDIA কৰ্তনৰ বিৰোধিতা কৰিছে- মানস বৰা

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:17 PM IST

thumbnail

নগাঁও,৭ ছেপ্টেম্বৰ: "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন কেৱল ব্যক্তিগত ক্ষমতা লাভৰ স্বাৰ্থত কৰিব বিচাৰিছে । পূৰ্বেই এনে ব্যৱস্থা আছিল । কিন্তু দেশৰ প্ৰতিখন ৰাজ্যৰ স্বাৰ্থত পৃথকে পৃথকে নিৰ্বাচনৰ ব্যৱস্থা চলি আছে ।" বৃহস্পতিবাৰে নগাঁৱত এই মন্তব্য কৰে কংগ্ৰেছ নেতা মানস বৰাই ।  

ইপিনে INDIA ক কেৱল ভাৰত কৰা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেতা মানস বৰাই । তেওঁ কয় যে, ভাৰতৰ কেবাটাও নাম আছে । ভাৰতক INDIA বুলি সমগ্ৰ বিশ্বই জানে । যাৰ বাবেই কংগ্ৰেছে INDIA কৰ্তনৰ বিৰোধিতা কৰিছে । ইয়াৰোপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত সকলো তেওঁৰেই মানুহ থকা বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা মানস বৰাই ।  

এই সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেৱল তেওঁৰ সোঁৱে-বাঁৱে থকা কেইজনকহে দেখা পায় । এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰা এনে মন্তব্য দুৰ্ভাগ্যজনক আখ্যা দিয়ে কংগ্ৰেছ নেতা মানস বৰাই । লগতে এনে অদৰকাৰী মন্তব্যৰে ৰাইজক ব্যস্ত ৰখাৰ বিপৰীতে দেশ তথা ৰাজ্যৰ উন্নয়নৰ কথা চিন্তা কৰিবলৈও আহ্বান জনাই নেতাগৰাকীয়ে । 

লগতে পঢ়ক: Protest demanding sub-district: মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত গণ প্ৰতিবাদ

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.