Protest demanding sub-district: মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত গণ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:24 PM IST

thumbnail

বঙাইগাঁও,৭ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত শ শ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । উল্লেখ্যযোগ্য যে মাণিকপুৰক প্ৰথম অৱস্থাত নিৰ্বাচন আয়োগে সমষ্টি হিচাপে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত মাণিকপুৰৰ নাম কৰ্তন কৰি সৃজনগ্ৰাম নামেৰে সমষ্টি ঘোষণা কৰে । সৃজনগ্ৰামক সমষ্টি হিচাপে ঘোষণা কৰাৰ লগতে উপ-জিলা হিচাপেও ঘোষণা কৰে অসম চৰকাৰে ।  

ফলত জাঙুৰ খাই উঠিছে মাণিকপুৰবাসী । মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মাণিকপুৰৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে । বৃহস্পতিবাৰেও মাণিকপুৰ বজাৰগৃহত শ শ ৰাইজৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰা হয় । প্ৰতিবাদস্থলীত জিলা আয়ুক্ত নৱজিত পাঠক আৰু চক্ৰ বিষয়া ৰীতিমনি দাস উপস্থিত হোৱাত জিলা আয়ুক্তৰ জৰিয়তে মাণিকপুৰক উপ-জিলা হিচাপে ঘোষণা কৰাৰ দাবী সমিতিয়ে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Ferry Stranded In Brahmaputra River: ব্রহ্মপুত্ৰৰ মাজত আবদ্ধ দুখনকৈ মাজুলী অভিমুখী ফেৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.